১১মে'ত অসমলৈ আহিব তৃণমূল কংগ্রেছৰ নেতা অভিষেক বেনাৰ্জী; এক হাজাৰ ব্যক্তিয়ে কৰিব যোগদান- ৰিপুন বৰা

A

নিউজ ডেস্ক:
তৃণমূল কংগ্ৰেছৰ কেন্দ্ৰীয় সম্পাদক অভিষেক বেনাৰ্জী অহা ১১মে'ত অসমলৈ আহিব।গুৱাহাটী মহানগৰীত দলৰ ৰাজ্যিক কাৰ্যালয় মুকলি কৰিব বেনাৰ্জীয়ে।জয়ানগৰত অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক মুখ্যকাৰ্যালয় মুকলি হ'ব- এই কথা বুধবাৰে জানিবলৈ দিয়ে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।উল্লেখ্য যে কাৰ্যালয় মুকলি কৰি বেনাৰ্জীয়ে পাঞ্জাবাৰীস্থিত শিল্পগ্রামত এখন দলীয় সভাত অংশগ্ৰহণ কৰিব।বেনাৰ্জীৰ উপস্থিতিত অসমৰ বিভিন্ন প্ৰান্তৰ ভিন্ন ক্ষেত্ৰৰ প্ৰায় এক হাজাৰ ব্যক্তিয়ে তৃণমূলত যোগদান কৰিব- বৰাই লগতে কয়।
গুৱাহাটী দীঘলীপুখুৰীৰ সমীপৰ গৌৰী সদনত বুধবাৰে এখন সংবাদমেলত সভাপতি বৰাই কয়- ৰাজ্যৰ হিমন্ত চৰকাৰৰ প্ৰথম বর্ষপূৰ্তিৰ পূৰ্বে ৰাজ্যৰ ভয়ংকৰ অৰ্থনীতিৰ খতিয়ান অসমবাসীক অৱগত কৰা হ’ব।উল্লেখ্য যে , ১০মে’ৰ দিনা হিমন্ত নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ প্ৰথম বর্ষপূৰ্তি।

Your Comments