
নিউজ ডেস্ক:
বহু জল্পনা-কল্পনাৰ অন্তত ঘোষণা হ'ল গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ আৰু ডেপুটি মেয়ৰৰ নাম।মঙলবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই আনুষ্ঠানিক ভাৱে ঘোষণা কৰে নাম।হেঙেৰাবাৰী বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত মেয়ৰ মৃগেন শৰণীয়া আৰু ডেপুটি মেয়ৰ স্মিতা ৰয়ৰ নাম ঘোষণা কৰে।উল্লেখ্য যে নাম ঘোষণাৰ পূৰ্বে আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপি সাংগঠনিক সাধাৰণ সম্পাদক ফণি শৰ্মা প্ৰমুখ্যে বহুকেইজন মন্ত্ৰী-বিধায়ক আৰু পৌৰ নিগমৰ নিৰ্বাচনৰ বিজয়ী ৱাৰ্ড সদস্যসকল।
আনহাতে ৯-১০মে'ত দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব লগা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণ, আৰু চৰকাৰৰ বৰ্ষপূৰ্তি উদযাপন সন্দৰ্ভতো বৈঠক আলোচনা হয়।বৈঠকৰ পিছত সংবাদ মাধ্যমক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই যে -“সৰ্বসন্মতিক্ৰমে মেয়ৰ আৰু উপ মেয়ৰক নিৰ্বাচিত কৰা হৈছে।গুৱাহাটীৰ সমস্যা সমাধান কৰি তেওঁ লোকে যাতে গুৱাহাটীবাসীৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰে তাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।”
মুখ্যমন্ত্ৰী শৰ্মাই কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণ সূচী সন্দৰ্ভত কয় “অসম ভ্ৰমণলৈ অহা গৃহমন্ত্ৰী অমিত শ্বাহে ৯ মে'ত বি এছ এফৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত সেই দিনা সন্ধিয়ালৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতালখন উদ্বোধন কৰিব ৷১০মে'ত ৰাষ্ট্ৰপতিৰ হৈ অসম আৰক্ষীক 'ৰাষ্ট্ৰপতিৰ কালাৰ ' প্ৰদান কৰিব।দিনৰ ডেৰ বজাত এখন দলীয় সমাবেশত অংশ গ্ৰহণ কৰিব।বিয়লি শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত গুৱাহাটীত নতুনকৈ নিৰ্মান কৰিবলগীয়া কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় ,মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়, এটা প্ৰেক্ষাগৃহকে ধৰি কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।”
- Log in to post comments
- 15 views