
নিউজ ডেস্ক:
ৰাইজৰ দল ত্যাগী কমল কুমাৰ মেধিৰ দ্বিতীয়বাৰলৈ অৰবিন্দ কেজৰীৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীত যোগদান।সোমবাৰে ৰাইজৰ দলৰ পদত্যাগী কাৰ্যকৰী সভাপতি জিতুল ডেকা, উপ-সভাপতি দিব্যজ্যোতি শৰ্মা, সম্পাদক দীপাংকৰ কলিতা, মুখপাত্ৰ অনুৰূপা ডেকাৰজা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বিনয় ডেকাসহিতে আপত যোগদান কৰে মেধিয়ে।উল্লেখ্য যে নতুন দিল্লী আপৰ কেন্দ্ৰীয় কাৰ্যালয়ত যোগদান কৰে ৰাইজৰ দল ত্যাগী ৬গৰাকী নেতাই।
তাৎপৰ্যপূৰ্ণ কথা এই যে কৃষক মুক্তি সংগ্রাম সমিতি ত্যাগ কৰি আপত পূৰ্বতেও যোগদান কৰিছিল কমল কুমাৰ মেধিয়ে।পৰৱৰ্তী সময়ত পুনৰ দল বাগৰি কংগ্ৰেছত যোগদান কৰিছিল।শেহতীয়াভাৱে বিগত বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাইজৰ দল গঠন হোৱাত পুনৰ কংগ্ৰেছ ত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰিছিল মেধিয়ে।ৰাইজৰ দলৰ পৰা ২১ৰ বিধানসভা নিৰ্বাচনত ভৱানীপুৰ সমষ্টিৰ প্ৰাৰ্থী আছিল।কিন্তু এআইইউদিএফৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ হাতত শোচনীয়ভাৱে পৰাস্ত হৈছিল।
আনহাতে শেহতীয়াকৈ গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে আম আদমী পাৰ্টীৰ ব্যাপক চৰ্চা লাভ কৰাত ৰাইজৰ দলৰ নেতৃত্বৰ বিৰুদ্ধে একনায়কত্ববাদী প্ৰস্তাৱ ৰাখি দলত্যাগ কৰিছিল মেধিয়ে গুৰুত্বপূৰ্ণ কথা এই যে ,শেহতীয়াকৈ পৌৰ নিগমৰ নির্বাচনত গুৱাহাটীৰ ১টা ৱাৰ্ডত জয়ী হৈছিল আপৰ প্ৰাৰ্থী।বিপৰীতে ২৪টা ৱাৰ্ডত দ্বিতীয় স্থান লাভ কৰিছিল।
ইফালে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি জিতুল ডেকাই আজি পুৱাৰ ভাগত দল ত্যাগ কৰিছে।জিতুল ডেকাই বিগত নিৰ্বাচনত কমলপুৰ সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াই বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাৰ হাতত শোচনীয় ভাৱে পৰাস্ত হৈছিল।
ইয়াৰ উপৰিও ৰাইজৰ দলৰ উপ-সভাপতি দিব্যজ্যোতি শৰ্মাই দেওবাৰে ত্যাগ কৰিছিল ৰাইজৰ দল।একেদৰে অনুৰূপা ডেকাৰজা আৰু অন্য দুজন ৰাইজৰ দলৰ নেতায়ো কেইদিনমান পূৰ্বে ত্যাগ কৰিছিল ৰাইজৰ দল।
আনহাতে আপত যোগদান কৰি মেধিসহ ৬ সদস্যই আজি সন্ধিয়া দিল্লীত কেজৰীৱালৰ সৈতে বৈঠকত বহিব।ইফালে সঘনাই দল ত্যাগ কৰা মেধিৰ যোগদানে আপক কি গতি দিয়ে সেইয়া হ’ব লক্ষণীয় বিষয়।
- Log in to post comments
- 13 views