অখিলৰ সংগ এৰি আপত যোগদান দিব্যজ্যোতি শৰ্মাৰ

A

B

নিউজ ডেস্ক:
ৰাইজৰ দলৰ উপ-সভাপতি দিব্যজ্যোতি শৰ্মাৰ পদত্যাগ।যোৰহাটৰ ৰাইজৰ দলৰ শক্তিশালী নেতা দিব্যজ্যোতিৰ বিধায়ক অখিল গগৈৰ  সৈতে অতি ঘনিষ্ঠ সম্পৰ্ক আছিল  ।দেওবাৰে দল ত্যাগ কৰাৰ কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰে শৰ্মাই।
জাতীয় ইছ্যুসমূহ সমাধানৰ বাবে গঠিত ৰাইজৰ দলে জনগণৰ আশা-আকাংক্ষা প্ৰতিফলিত কৰাত চুড়ান্ত ভাৱে ব্যৰ্থ হৈছে।দলটোৱে মূল লক্ষ্যৰ পৰা আঁতৰি গৈ সামূহিক সিদ্ধান্তৰ বিপৰীতে  কেতিয়াবা তৃণমূল কংগ্ৰেছ আৰু কেতিয়াবা জাতীয় কংগ্ৰেছৰ সৈতে হলি গলি কৰি  আপোচহীন প্ৰগতিশীল জাতীয়তাবাদক পথভ্রষ্ট কৰিছে-শৰ্মাই কয়।
উল্লেখ্য যে শৰ্মা দলটোৰ প্ৰতিষ্ঠাপক উপ-সভাপতি আছিল ।আনহাতে আজি শৰ্মাই আম আদমী পাৰ্টীত যোগদান কৰে।

Your Comments