ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি জিতুল ডেকাৰ দল ত্যাগ

A

B

নিউজ ডেস্ক:

ৰাইজৰ দলত মোক্ষম আঘাত।ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি জিতুল ডেকাৰ পদত্যাগ।দলৰ সাধাৰণ সদস্য পদৰ পৰাও পদত্যাগ ডেকাৰ।দলটোৰ সভাপতি অখিল গগৈলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ডেকাই।পদত্যাগ পত্ৰত  ব্যক্তিগত কাৰণত পদত্যাগ কৰা বুলি প্রকাশ কৰিছে।তাৎপৰ্যপূৰ্ণ কথা এই যে বিগত বিধানসভা নিৰ্বাচনত কমলপুৰ সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী আছিল ডেকা।বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাৰ হাতত পৰাজিত হৈছিল ডেকা।
উল্লেখ্য যে শেহতীয়া ভাৱে বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিলে দলত একনায়কত্ববাদ চলোৱা বুলি দাবী কৰি বহুকেইজন কেন্দ্ৰীয় নেতৃত্বই দলত্যাগ কৰিছে।কমল কুমাৰ মেধি, অনুৰূপা ডেকাৰজা, দিব্যজ্যোতি শৰ্মাই ইতিমধ্যে ত্যাগ কৰিছে ৰাইজৰ দল।

Your Comments