বিধায়ক জিগনেছ মেৱানীৰ জামিন মঞ্জুৰ

A

নিউজ ডেস্ক:

গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীৰ জামিন মঞ্জুৰ।বৰপেটা আৰক্ষীৰ গোচৰত জামিন লাভ দলিত নেতা গৰাকীৰ।উল্লেখ্য যে মহিলা আৰক্ষীক অভব্য আচৰণ কৰাৰ গুৰুতৰ অভিযোগত বৰপেটা আৰক্ষীয়ে ২৫এপ্ৰিলত গ্ৰেপ্তাৰ কৰিছিল মেৱানীক।কোকৰাঝাৰ গোচৰত জামিন লাভ কৰাৰ পাছতে মেৱানীক বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
তাৎপৰ্যপূৰ্ণ কথা এই যে ,মেৱানীয়ে প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে টুইট কৰা বাবেই কোকৰাঝাৰ আৰক্ষীয়ে গুজৰাটৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।
আনহাতে দলিত নেতা গৰাকীক মুকলি কৰি দিয়াৰ বাবে সমগ্র ৰাজ্যজুৰি দাবী উঠিছিল।বিজেপি চৰকাৰৰ এই ৰাজনৈতিক প্ৰতিশোধৰ বিৰুদ্ধে সৰৱ হৈছিল সচেতন সমাজ লগতে কংগ্ৰেছেও ধাৰাবাহিকভাৱে আন্দোলন গঢ়ি তুলিছিল।

Your Comments