উত্তৰ আৰু পশ্চিম ভাৰত শক্তিশালী হলে ২০২৪ত বিজেপি পৰাস্ত হ'ব- মহুৱা মৈত্ৰ

A

নিউজ ডেস্ক:

নৱনিযুক্ত ৰাজ্যিক সভাপতি ৰিপুন বৰাৰ নেতৃত্বত মহানগৰীত তৃণমূল কংগ্ৰেছৰ শক্তি প্ৰদৰ্শন।অসম প্ৰদেশ কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰি তৃণমূল কংগ্ৰেছ অসম ৰাজ্যিক সভাপতি নিযুক্তিৰ পাছত প্রথমবাৰৰ বাবে বৰাই গুৱাহাটীত অনুষ্ঠিত কৰে বৃহৎ যোগদান কাৰ্যসূচী।বুধবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক ভিন্ন ক্ষেত্ৰৰ ব্যক্তিয়ে তৃণমূল কংগ্ৰেছত যোগ দিয়ে।উল্লেখ্য যে, যোগদান কৰাসকলৰ ভিতৰত প্ৰদেশ কংগ্ৰেছৰ সৰ্বাধিক।

গুৰুত্বপূৰ্ণ কথা এই যে,ৰাজ্যিক সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিয়ে তৃণমূল কংগ্ৰেছৰ সাংগঠনিক ভেটিক লৈ তৎপৰ হৈছে বৰা।ৰুক্মিণীগাঁৱৰ ৰঙালী বিহু ফিল্ডৰ বাকৰিত বিশাল আয়োজনেৰে তৃণমূল কংগ্ৰেছৰ যোগদান কাৰ্যসূচীত উপস্থিত থাকে তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা সাংসদ মহুৱা মৈত্ৰ, মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী  মুকুল চাংমা, প্ৰাক্তন সাংসদ সুস্মিতা দেৱ।অনুষ্ঠানৰ অংশলৈ মহুৱা মৈত্ৰই বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে  “অসমত ক'ত বিজেপিৰ চৰকাৰ চলিছে! কংগ্ৰেছৰ পৰা যোৱা লোকেৰে চলিছে চৰকাৰ।তৃণমূলে বিৰোধীৰ যি ভূমিকা লৈছে দেশত অন্য কোনো দলেই লোৱা নাই।মূল্যবৃদ্ধিৰ বাবে একো কিয় প্ৰতিবাদ নহয়?নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী, তেওঁ যদি কমাব নোৱাৰে কোনে পাৰিব” বুলি উল্লেখ কৰি তেওঁ লগতে কয় হনুমান জয়ন্তীক লৈ ব্যস্ত মানুহ কিন্তু মূল্যবৃদ্ধি সন্দৰ্ভত মুখ বন্ধ।
গণতন্ত্ৰত বিৰোধী লাগিবই,সেই বিৰোধীৰ নেতৃত্ব আমি দিম।উত্তৰ ভাৰত আৰু পশ্চিম ভাৰত শক্তিশালী হ'লে ২০২৪ৰ নিৰ্বাচত বিজেপি পৰাস্ত হ'ব-সাংসদ গৰাকীয়ে কয়।বিজেপিৰ বিৰুদ্ধে যুঁজ দিম।বিজেপিক পৰাজিত কৰাটো অসম্ভৱ নহয়।
ইফালে ২০২৪ত কোন বিৰোধী প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব এতিয়া কব নোৱাৰি।ভাষণৰ আৰম্ভণিতে তেওঁ কয় যে মোৰ জন্ম অসমত,মোৰ শৈশৱ ঢেকীয়াজুলিত পাৰ  কৰিছোঁ।
আনহাতে অনুষ্ঠানত উপস্থিত থাকি প্ৰাক্তন সাংসদ সুস্মিতা দেৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয় যে অসমত বিজেপি নাই।কংগ্ৰেছত যিদৰে কংগ্ৰেছ(আই) আছিলে ঠিক বিজেপিত (এইচবিএছ) হিমন্তৰ মানুহবোৰ বিজেপিলৈ গৈছে।পুৰণি বিজেপিক শেষ কৰিছে।ৰাজ্য সভা নিৰ্বাচনত প্ৰমাণ হ'ল কংগ্ৰেছ এআইইউডিএফ হিমন্তৰ হাতৰ মুঠিত। 
আনহাতে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয়-আমি কোনো নেতাৰ ওপৰত গুৰুত্ব নিদিওঁ।তৃণমূল কৰ্মীৰ ওচৰত গুৰুত্ব দিম।কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰে কোনো মিত্ৰতা নহয়, অকলে যুঁজিম ।
ইফালে অসম-মেঘালয় সীমা বিবাদৰ চুক্তি সন্দৰ্ভত প্ৰাক্তন মেঘালয় মুখ্যমন্ত্ৰী ডঃ মুকুল চাংমাই সংবাদ মাধ্যমৰ আগত কয় অসম-মেঘালয় সীমা সমস্যাৰ স্থায়ী সমাধান হোৱা নাই।এয়া দুই মুখ্যমন্ত্ৰীৰ 'গিভ এণ্ড টেক' হৈছে।অসমৰ মুখ্যমন্ত্ৰীয়ে লাভ উঠাইছে।

Your Comments