নিৰ্বাচনত পৰাজয়ে নিষ্ঠাৱান কংগ্ৰেছ কর্মীক কষ্ট দিয়ে- ৰেকিবুদ্দিন আহমেদ

A

নিউজ ডেস্ক:

নিৰ্বাচনত পৰাজয়ে কষ্ট দিয়ে।নিষ্ঠাবান কংগ্ৰেছকৰ্মীয়ে কষ্ট পায়, বিপৰ্যয় হলে।মানসিক শাস্তিত ভুগিবলগীয়া হয়-এই মন্তব্য কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ।  মংগলবাৰে সংবাদমাধ্যমত কয় গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত কংগ্ৰেছে যি ফলাফল লাভ কৰিলে তাৰ পৰা কংগ্ৰেছে  শিকিবলগীয়া আছে।দলৰ মাজত দোষ গুণ আলোচনা কৰি দলটোক শক্তিশালী কৰিব লাগে। 
 নিৰ্বাচনত হাৰিলো বুলিয়ে পঞ্চায়ত, লোকসভা, বিধান সভা  নিৰ্বাচনতো হাৰিম বুলি ভাবিব নালাগে।গুৱাহাটী পৌৰ নিগমৰ  নিৰ্বাচন অনুষ্ঠিত হোৱাৰ স্থানত কোনো সাংসদ বা বিধায়ক নাই কংগ্ৰেছৰ- দলৰ কর্মীসকলক উদেশ্য কৰি এইদৰে কয়।
আনহাতে নিগমৰ নিৰ্বাচনত আপে দ্বিতীয়স্থানত থকাৰ প্ৰসংগত তেওঁ কয়- কংগ্ৰেছৰ বাবে আপ প্ৰত্যাহ্বান হ'ব নে নাই সেয়া সময়ে কব।
ইফালে কংগ্ৰেছ দল ত্যাগ কৰিব নেকি বুলি সাংবাদিকে    সোধা প্ৰশ্নত খৰ্গহস্ত হৈ কয় ৰেকিবুদ্দিনক লৈ চিন্তা কৰিব নালাগে।কংগ্ৰেছ এৰি যিবিলাকে যাব লগা আছে  তেওঁলোক যাওক।নতুন মানুহ লম,কংগ্ৰছৰ পৰা টিকট পাবলৈ মানুহে কান্দি আছে।

Your Comments