গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত এজেপিৰ বিজয় যাত্ৰা মুকলি

A

নিউজ ডেস্ক:

প্ৰথমবাৰৰ বাবে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াই এখন আসন দখল কৰিবলৈ সক্ষম হোৱাত উৎফুল্লিত হৈ পৰিছে অসম জাতীয় পৰিষদ। অসম জাতীয় পৰিষদৰ ১নং ৱাৰ্ডৰ পৰা বিজয় সাব্যস্ত কৰে হুকুম চান্ আলি বক্সিয়ে।অসম গণ পৰিষদৰ প্ৰাৰ্থী গৰাকীক হৰুৱাই জয় লাভ কৰে ৷মুঠ ভোট লাভ কৰিছে ৪৬০০টা। 
 তেওঁ  সংবাদ মাধ্যমৰ আগত কয় যে এই জয় গণতন্ত্ৰ আৰু ধৰ্ম নিৰপেক্ষতাৰ জয়। গুৱাহাটী পৌৰ নিগমৰ ১ নং ৱাৰ্ডৰ পৰায়ে অসমী আইৰ সন্তানৰ বাবে মাত মাতি যাম এয়া মোৰ দৃঢ় প্ৰতিজ্ঞা।মহানগৰবাসী বিগত  ৬০টা দশক বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ জীয়াতু ভুগি  আহিছে।এই সমস্যা সমাধানৰ প্ৰয়াস কৰিম ।অসম জাতীয় পৰিষদৰ এগৰাকী সৈনিক হিচাপে গুৱাহাটীৰ  পৰা অসমবাসীলৈ বাৰ্তা প্ৰেৰণ কৰিম অসম জাতীয় পৰিষদে অসমীয়া জাতিৰ বাবে নিষ্ঠা  আৰু একতাৰে  শংকৰ-আজানৰ মিলন ভূমিৰ ঐক্য ৰক্ষা কৰি যাম। তেখেতক দলৰ কাৰ্যালয়ত উষ্ম আদৰণি জনায় অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই লগতে সকলো বিজয়ী প্ৰাৰ্থীক অভিনন্দন জনায় ।প্ৰথমবাৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত এগৰাকী প্ৰাৰ্থী জয়ী হোৱাক লৈ আনন্দিত।এই নিৰ্বাচনৰ ফলাফলে আগন্তুক দিনত দলটোক  আগুৱাই  যোৱাত সহায় কৰিব বুলি মন্তব্য কৰি ভূঞাই কয় যে সিংহৰ এটা শিয়ালৰ জাক জাক।আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ লগতে লোকসভা নিৰ্বাচনক লৈ আশাবাদী দলটো ।
উল্লেখ্য যে  অসম জাতীয় পৰিষদে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ২৫ গৰাকী প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল।অতি গুৰুত্বপূৰ্ণ কথা যে দেওবাৰে ঘোষণা কৰা নিৰ্বাচনৰ ফলাফল অনুযায়ী গুৱাহাটী পৌৰ নিগমৰ 60 টা ৱাৰ্ডৰ ভিতৰৰ 58 টা ৱাৰ্ডতে বি জে পি আৰু মিত্ৰ দল অগপ দখল কৰে। ইয়াৰে 52 টা ৱাৰ্ডত বি জে পি আৰু 6 টাত ৱাৰ্ডত অগপ দলৰ প্ৰাথীয়ে বিজয় সাব্যস্ত কৰিছে। কংগ্ৰেছে 60 টা ৱাৰ্ডৰ 54 টা ৱাৰ্ডত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল যদিও এখনো আসন লাভ কৰিব নোৱাৰিলে। ইপিনে প্ৰথমবাৰৰ বাবে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা  অজাপ আৰু আপে এটাকৈ ৱাৰ্ড দখল কৰিবলৈ সক্ষম হৈছে।

Your Comments