জিএমচি নিৰ্বাচনত আপৰ উত্থান; ২৪টা ৱাৰ্ডত দ্বিতীয়স্থানত আপ

A

নিউজ ডেস্ক:
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত দ্বিতীয়স্থানত আম আদমী পাৰ্টী।প্ৰথমবাৰলৈ জি এম চিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা আপে ২৪টা ৱাৰ্ডত থাকে দ্বিতীয়স্থানত।উল্লেখ্য যে ৬০টা ৱাৰ্ডৰ ৩৮টা ৱাৰ্ডত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল।১টা ৱাৰ্ডত জয়ী হোৱাৰ বিপৰীতে আপে ২৪টা ৱাৰ্ডত দ্বিতীয়স্থানত থাকে দলটোৰ প্ৰাৰ্থী।
গুৱাহাটীৰ গণেশগুৰিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত আজি সংবাদমেল সম্বোধন কৰি ৰাজ্যিক সমন্বয়ক ডাঃ ভৱেন চৌধুৰীয়ে ভোটদাতা জনতাক ধন্যবাদ জনায়।অসমত এক নতুন ৰাজনীতিৰ উৎপত্তি হৈছে।ধৰ্মীয়-গোষ্ঠীগত ৰাজনীতিক আঁতৰ কৰি অসমত কামৰ ৰাজনীতি আৰম্ভ হ’ব,তাৰে এয়া আৰম্ভণি।
পৌৰ নির্বাচনত বিজেপিয়ে সংখ্যাগৰিষ্ঠ পোৱাৰ পাছতো আপৰ প্ৰতি শংকা বাঢ়িছে।যাৰ বাবে বিজেপিয়ে পুনৰ ধৰ্মীয় ৰাজনীতি আৰম্ভ কৰিছে আজিৰ দিনটোতো।আপ প্ৰাৰ্থীয়ে সকলোকে লগত লৈ কামৰ ৰাজনীতি কৰিব- চৌধুৰীয়ে কয়।১০,১১,১৪, ১৫, ১৬,১৯, ২০, ২৬, ২৭, ২৯, ৩০,৩১,৩৬, ৩৯, ৪১,৪৩,৪৬,৪৭,৪৮,৪৯,৫০,৫১,৫৬ আৰু ৫৯নং ৱাৰ্ডত দ্বিতীয়স্থানত থাকে দলটো।
আনহাতে অসমৰ পঞ্চায়ত নিৰ্বাচনতো দলটোৱে প্ৰাৰ্থী থিয় কৰাব বুলি চৌধুৰীয়ে কয়।পৰৱৰ্তী পৰ্যায়ত লোক সভা আৰু বিধানসভাত অৱৰ্তীন হ’ব।শীঘ্ৰেই অৰবিন্দ কেজৰীৱাল অসমলৈ আহিব বুলিও চৌধুৰীয়ে কয়।
গুৰুত্বপূৰ্ণ কথা যে পৌৰসভা নিৰ্বাচনতো দুটা ৱাৰ্ডত জয়লাভ কৰিছিল আপে।

আনহাতে আপৰ বিজয়ী প্ৰাৰ্থী মাছুমা বেগমে জয়ী হৈ কয়- মই কামৰ ৰাজনীতি কৰিম, এইয়া আৰম্ভণি।মিঞা, অসমীয়া শ্রেণী নহয় মোৰ চকুত সকলো সমান।সকলো লোকে সহায় কৰিছে বাবে আজি মই জয়ী হৈছোঁ।

Your Comments