
নিউজ ডেস্ক:
গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ফলাফল ঘোষণা।মুঠ ৬০টা ৱাৰ্ডৰ ৫৮টা বিজেপি-অগপ মিত্ৰজোঁটে দখলৰ বিপৰীতে ২টা ৱাৰ্ডত জয়ী হয় অসম জাতীয় পৰিষদ আৰু আম আদমী প্ৰাৰ্থী।উল্লেখ্য যে ২২এপ্ৰিলত এই পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল।সৰ্বমুঠ ভোটাৰ ৫২.৮০শতাংশ ভোটাৰেহে ভোটদান সাব্যস্ত কৰিছিল।প্ৰায় ৪৭শতাংশই অংশগ্ৰহণ কৰা নাছিল ভোটদানত।
তাৎপৰ্যপূৰ্ণ কথা যে বিগত ৯বছৰৰ মূৰত অনুষ্ঠিত হৈছে গুৱাহাটী পৌৰ নিগমৰ নির্বাচন।আজি পুৱা ৮ বজাৰ পৰা গুৱাহাটী মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হয় ভোটগণনা।গুৰুত্বপূৰ্ণ কথা এই যে , গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত কংগ্ৰেছ সম্পূণৰূপে নিশ্চিহ্ন হৈ যায়।এটাও ৱাৰ্ডত জয়ী নহয় কংগ্ৰেছৰ প্ৰাৰ্থী।
উল্লেখ্য যে এজেপি ১নং ৱাৰ্ডত হুকুম চান্দ আলী বকশী আপ ৪২নং ৱাৰ্ডত মাছুম বেগম জয়ী হয়।গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত প্রথমবাৰলৈ দল দুটাই প্ৰাৰ্থীত্ব আগবঢ়াইছিল।আপে ৩৮টা ৱাৰ্ডত প্ৰাৰ্থী দিয়া বিপৰীতে এজেপিয়ে ২৫টা ৱাৰ্ডত প্ৰক্ষেপ কৰিছিল প্ৰাৰ্থী।ইফালে এই নিৰ্বাচনত অসম গণ পৰিষদে বিজেপিৰে মিত্ৰতাত আৱদ্ধ হৈ কেৱল মাত্ৰ ৭টা ৱাৰ্ডতহে প্ৰাৰ্থী দিছিল।বাকী ৫৩টা ৱাৰ্ডত বিজেপিয়ে নিজৰ প্ৰাৰ্থী প্ৰদান কৰিছিল।
- Log in to post comments
- 23 views