জিএমচি নিৰ্বাচনত পূৰ্বতকৈ হ্রাস পালে ভোটাদান; ৫২.০৪ শতাংশ ভোটদানেৰে সমাপ্তি ঘটিল ভোটগ্ৰহণ

A

নিউজ ডেস্ক:
                       
জল্পনা-কল্পনাৰ অৱসান ঘটাই কটকটীয়া নিৰাপত্তাৰ মাজেৰে শুকুৰবাৰে অনুষ্ঠিত হয় গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্ৰহণ।সুদীৰ্ঘ ৯বছৰৰ মূৰত অনুষ্ঠিত হয় জি এম চি নিৰ্বাচন।পুৱা ৭.৩০বজাৰ পৰা অনুষ্ঠিত এই ভোটগ্ৰহণৰ সামৰণি পৰে বিয়লি ৪.৩০বজাত।
দুই-এটা সৰু-সুৰা বিক্ষিপ্ত ঘটনাৰ বাহিৰে প্ৰায় শান্তিপূৰ্ণ ভাৱে ভোটগ্ৰহণৰ সামৰণি পৰে।তাৎপৰ্যপূৰ্ণ কথা যে পূৰ্বৰ তুলনাত এইবাৰ ভোটদানৰ হাৰ কিন্তু যথেষ্ঠ হ্রাস পাইছে।ভোটগ্ৰহণ কেন্দ্ৰসমূহত পূর্বৰ দৰে নাই ভোটাৰৰ কোনো দীঘলীয়া শাৰী।৫৭টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত ভোটগ্ৰহণত সৰ্বমুঠ ভোটকেন্দ্ৰ আছিল ৭৫৭টা।উল্লেখ্য যে গুৱাহাটী পৌৰ নিগমত ৩টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দিতাৰে ইতিমধ্যে বিজেপি প্ৰাৰ্থী জয়ী হৈছে।কামৰূপ(ম) জিলা উপায়ুক্ত পল্লৱ গোপাল ঝায়ে প্ৰকাশ কৰা  মতে নিৰ্বাচনত ভোটাদানৰ হাৰ প্ৰায় ৫২.০৪শতাংশ।অৱশ্যে ৰাজ্যিক নিৰ্বাচন আয়োগে বাতৰি লিখা সময়লৈকে প্ৰদান কৰা নাই তথ্য।
নিৰ্বাচন প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে পৌৰ নিগম এলেকাৰ ৮টা জ’ন আৰু ৭৬টা ছেক্টৰত এগৰাকীকৈ অসামৰিক আৰু আৰক্ষী বিষয়া নিয়োগ কৰা হৈছিল।একেদৰে ।৮০টা ভোটগ্ৰহণ কেন্দ্ৰৰ মহিলাৰ দ্বাৰা পৰিচালিত হয়।প্ৰথমবাৰৰ বাবে ইভিএমত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ।
গুৰুত্বপূৰ্ণ কথা যে জি এম চি নিৰ্বাচনত মুঠ ৭,৯৭,৮০৭ গৰাকীৰ ভোটাৰ আছিল।ইয়াৰ ভিতৰত ৩,৯৭,১২৮ গৰাকী পুৰুষ, ৪,০০,৬৫৪ গৰাকী মহিলা আৰু ২৬ গৰাকী তৃতীয় লিংগৰ ভোটাৰ।
ইফালে অহা ২৪এপ্ৰিলৰ পুৱা ৮বজাৰ পৰা মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰতে ভোটগণনা অনুষ্ঠিত হ’ব।

Your Comments