আপৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ বিজেপি আই টি কোষৰ, পঢ়ক

A

 

Bনিউজ ডেস্ক:

গুৱাহাটী পৌৰ নিগম নির্বাচনৰ ভোটদান চলি থকাৰ মাজতে আম আদমী পাৰ্টীৰ বিৰুদ্ধে এজাহাৰ দাখিল বিজেপি সামাজিক মাধ্যম(আই টি চেল) বিভাগৰ।জিএমচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান সামৰণি পৰাৰ পাছতো আপে সামাজিক মাধ্যমত প্ৰচাৰ চলাই থকাৰ গুৰুতৰ অভিযোগ উথ্থাপন কৰা হৈছে।আম আদমী পাৰ্টী আসাম পেজৰ জৰিয়তে প্ৰচাৰৰ অভিযোগ বিজেপি আইটি কোষৰ।
উল্লেখ্য যে বিজেপি আইটি কোষৰ ৰাজ্যিক আহ্বায়ক পলাশ লাহনে দাখিল কৰে এজাহাৰ।ইফালে নিৰ্বাচনী আচৰণ বিধি আপে উলংঘা কৰা অভিযোগ ৰাজ্যিক নিৰ্বাচন আয়োগকো দাখিল কৰে।
তাৎপৰ্যপূৰ্ণ কথা এই যে ,গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ আজি পুৱা ৭.৩০বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈছে।বিয়লি ৪.৩০বজালৈ চলিব ভোটদান।শেহতীয়া কৈ নিৰ্বাচনত বিজেপিৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান হিচাপে থিয় দিছে আপ।

Your Comments