
নিউজ ডেস্ক:
“গুজৰাটৰ কংগ্রেছী বিধায়ক জিগনেশ মেৱানীৰ গ্ৰেপ্তাৰ সম্পূৰ্ণ ভাৱে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত, প্ৰতিশোধ পৰায়ণ।গুজৰাটত বৰষুণ দিছে হিমন্ত বিশ্ব শৰ্মাই অসমত ছাতি লৈছে”- এই মন্তৱ্য অখিল গগৈৰ।মেৱানীয়ে গুজৰাটত টুইট কৰিছে।মোডী-আৰ এছ এছক তেল মাৰিবৰ কাৰণে হিমন্তই অসমত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে গগৈয়ে এইদৰে কয়।
অসম আৰক্ষীৰ বেলেগ কোনো কাম নাই নেকি।যিটো টুইট কৰিছিল উক্ত টুইটৰ কিবা বিৰূপ প্ৰভাৱ অসমৰ ৰাজনীতি বা সমাজ জীৱনত পৰিছে নেকি!বিধায়ক গৰাকীৰ বিৰুদ্ধে দুটা ফৈদৰ মাজত যি সংঘৰ্ষৰ ধাৰা লগাইছে তাৰ প্ৰভাৱ পৰিছে নেকি!অসমৰ মানুহেই নাজানে মেৱানীয়ে তেনেকুৱা টুইট দিয়া বুলি লগতে তেওঁ কয়।বি টি আৰ প্ৰধান, মুখ্যমন্ত্ৰীয়ে ষড়যন্ত্ৰমূলক ভাৱে কোকৰাঝাৰত এজাহাৰ দিছে।সমগ্ৰ ভাৰতবৰ্ষৰ ওচৰত অসমৰ সন্মান হানি কৰিছে।ভাৰতবাসীৰ ওচৰত ক্ষমা বিচাৰি মেৱানীক মুকলি কৰি দিব লাগে- অখিলে কয়।
উল্লেখ্য যে কোকৰাঝাৰ আদালতে ৪দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে মেৱানীক।
- Log in to post comments
- 19 views