
নিউজ ডেস্ক:
গুৱাহাটী পৌৰ নিগমৰ নির্বাচনত ভোটদান সাব্যস্ত কৰিলে আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।দক্ষিণ শৰণীয়া ভোটকেন্দ্ৰত ভোটাধিকাৰসাব্যস্ত কৰে ভট্টাচাৰ্যই।
“আমাৰ বহুত আশা আছে।বিশুদ্ধ খোৱা পানী ২৪ঘণ্টা লাগে।ৰাস্তা -ঘাট, নলা-নৰ্দমা আৰু সেউজীয়া গুৱাহাটী এখন লাগে।গুৱাহাটীখন চাফা হোৱাৰ লগতে যান-জঁটৰ সমস্যা নোহোৱা হ’ব লাগে।মুঠৰ ওপৰত সর্বাংগ সুন্দৰ গুৱাহাটীখন লাগে”-ভোটদান কৰি ভট্টাচাৰ্য্যই এইদৰে কয়।মনত বেজাৰ-বেদনা আছে।প্ৰায়বোৰ ৰাজনৈতিক নেতা, আমোলা-বিষয়াই গুৱাহাটীত এডোখৰ ধুনীয়া মাটি-ঘৰ বিচাৰে কিন্তু কোনেও গুৱাহাটীখনক নিজৰ ঘৰ বুলি সর্বাংগ সুন্দৰকৈ সজাই তুলিব নিবিচাৰে তেওঁ লগতে কয়।
ইফালে গুৱাহাটী মহানগৰীত বৃদ্ধি পোৱা অপৰাধ ঘটনাৰ প্ৰসংগত ভট্টাচাৰ্য্যই কয়- মহানগৰবাসীক নিৰাপত্তা দিব লাগে।মহানগৰবাসীৰ নিৰাপত্তাত এতিয়া প্ৰশ্নবোধক চিন আহিছে।দিনে-নিশাই নিৰাপদে চলা-ফুৰা কৰিব পাৰিব লাগে।শংকা মুক্ত এখন মহানগৰ লাগে।
- Log in to post comments
- 12 views