
নিউজ ডেস্ক:
ৰাইজৰ দলে অৱশেষত পূৰ্ণ ৰাজনৈতিক দলৰ স্বীকৃতি লাভ কৰিলে ভাৰতীয় নিৰ্বাচন আয়োগৰ পৰা।দলটো ভাৰতীয় নিৰ্বাচন আয়োগত পঞ্জীয়ন হোৱাৰ কথা জনায় সভাপতি অখিল গগৈয়ে।উল্লেখ্য যে, চলিত বৰ্ষৰ ৪ফেব্ৰুৱাৰীত দলটোৰ পঞ্জীয়নৰ বাবে আবেদন জনাইছিল।সেই মৰ্মে যোৱা ৩১মার্চত পূৰ্ণ ৰাজনৈতিক দলৰ মৰ্যদা প্ৰদান কৰে ভাৰতীয় নিৰ্বাচন আয়োগে।
ভাৰতীয় নিৰ্বাচন আয়োগত পঞ্জীয়ন হোৱা দলটোৰ পঞ্জীয়ন নম্বৰ হৈছে ৫৬/০৩৯/২০২১-২২/PPS-I ।
তাৎপৰ্যপূৰ্ণ কথা যে দলটোৰ গঠনৰ পাচত দীৰ্ঘদিনে পঞ্জীয়ন হোৱা নাছিল নিৰ্বাচন আয়োগত।বিগত বিধানসভা নিৰ্বাচনত দলটোৰ পৰা প্ৰাৰ্থীসকলে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল।
- Log in to post comments
- 9 views