গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সমাৰণি

A

নিউজ ডেস্ক:

প্ৰত্যেক দল তথা প্ৰাৰ্থীৰ শক্তি প্ৰদৰ্শনেৰে আজিৰ অন্ত পৰিল গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ প্ৰচাৰ অভিযান। শাসক-বিৰোধী সকলোৱে নিজ নিজ প্ৰাৰ্থীৰ বাবে ব্যাপক প্ৰচাৰ চলায়।প্ৰচাৰৰ আজি অন্তিম দিনা মহানগৰীৰৰ বিভিন্ন প্ৰান্তৰ লগতে পূৱ গুৱাহাটী সমষ্টিৰ ৱাৰ্ডত বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায় মন্ত্ৰী পিয়ুষ হাজৰিকাই।গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা বাইক ৰেলীৰে চানমাৰী অসম অভিযান্ত্ৰিক খেলপথাৰত গোট খাই বিজেপি সমৰ্থকসকল।
সংবাদ মাধ্যমৰ আগত মন্ত্ৰী হাজৰিকাই কয়- গুৱাহাটী পৌৰ নিগমৰ প্ৰচাৰত গোটেইখন বিজেপিময় হৈছে।৬০ টা ৱাৰ্ডৰ ৬০টাতে বিজেপি মিত্ৰজোঁটত জয়ী হ’ব।ইফালে কংগ্ৰেছতকৈ আপৰ ফলাফল এইবাৰ ভাল হ’ব  বুলিও তেওঁ কয়।
আনহাতে আপ নিগমৰ প্ৰাৰ্থী হৈ প্ৰচাৰ চলাবলৈ আজি গুৱাহাটীত উপস্থিত হয় দিল্লী আপৰ বিধায়িকা আতিশী মালেনা।বৃহৎ সংখ্যক সমৰ্থকক লগত লৈ মহানগৰীত নেত্ৰী গৰাকীয়ে বাহিৰ কৰে ৰ'ড শ্ব'।তাৎপৰ্যপূৰ্ণ কথা এই যে গুৱাহাটী পৌৰ নিগমৰ নির্বাচনত আম আদমী পাৰ্টীৰ এই মুহূৰ্তলৈ ব্যাপক উত্থান দেখিবলৈ পোৱা গৈছে।
ইফালে কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈয়ো অন্তিম দিনা সভাপতি ভূপেন বৰাকে ধৰি শীর্ষ নেতৃত্বই প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে।
ইয়াৰ উপৰিও অসম জাতীয় পৰিষদৰ সভাপতি লুৰিন জ্যোতি গগৈ প্ৰমুখ্যে দলৰ শীৰ্ষ নেতৃত্বই বহুকেইটা স্থানত নিজৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান চলায়।
উল্লেখ্য যে অহা ২২এপ্ৰিলত অনুষ্ঠিত হ’ব গুৱাহাটীৰ ৬০ টা ৱাৰ্ডৰ বাবে নির্বাচন।ইভিএমত অনুষ্ঠিত হ’ব লগা ভোট গণনা কৰা হ’ব ২৪এপ্ৰিলত।

Your Comments