
নিউজ ডেস্ক:
ৰাইজৰ দলৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে দলত্যাগৰ প্ৰসংগত অৱশেষত মুখ খুলিছে।'সভাপতি অখিল গগৈৰ বিৰুদ্ধে কবলৈ বহুত আছে কিন্তু দলত্যাগ কৰি আহিছোঁ যেতিয়া নেতিবাচক কথাবোৰ নকওঁ’ বুলি তাৎপৰ্যপূৰ্ণ মন্তৱ্য প্রকাশ কৰে মেধিয়ে।আজি বাসগৃহত মেধিয়ে সংবাদ মাধ্যমত কয় যে - ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে দলৰ সর্বময় কর্তা।কিছুদিন সংবাদ মাধ্যমত কৈ আছে তেওঁ ঘটনা ক্ৰমেহে ৰাজনীতিলৈ আহিলে।ৰাজনীতিলৈ আহি ভুল কৰিলে।পুনৰ ৰাজপথৰ সংগ্রামলৈ ঘূৰি যাব বিচাৰি আছে।তেওঁ হয়তো কৌশলগত কাৰণত এনে কথা কব পাৰে।কিন্তু এই কথাই দলৰ নেতা-কর্মীসকলৰ মাজত নেতিবাচক প্ৰভাৱ পেলাইছে।দলটোৰ মূল নেতৃত্বজনেই যদি দলত্যাগ কৰি ৰাজপথলৈ যাব বুলি কৈছে।এতিয়া বাকীসকল দলৰ নেতা-কৰ্মীয়ে কি কৰিব।নতুন মানুহ দললৈ কি কাৰণত আহিব।দলৰ ভিতৰত থকাসকলৰ মনত হতাশা নাহিব নেকি!হতাশাৰ প্ৰথম কাৰণ এইটো- মেধিয়ে কয়।
জেলত থাকোতে আশা কৰিছিলো মুকলি হৈ আহিয়েই দলক সন্মুখৰ পৰা নেতৃত্ব দিব।দলটোক এটা গতিশীল পৰ্যায়ত প্ৰতিষ্ঠা কৰিব।কিন্তু আশ্চৰ্যজনক ভাৱে জেলৰ পৰা মুকলি হোৱা ১০মাহ হৈ গ’ল।আজিলৈকে দলটোক সঠিকভাৱে আগবঢ়াই নিয়াত তৎপৰতা দেখা নাপালোঁ।দলৰ সংগঠনৰ কামত অন্যান্য জিলালৈ গলে দলটোৰ পঞ্জীয়ন কি কাৰণত হোৱা নাই কৰ্মীসকলে সুধি সুধিয়ে আমাক ব্যতিভ্ৰষ্ট কৰে।সভাপতি গগৈক কথাবোৰ কলে অন্যলৈ ঠেলি দিয়ে।অৰ্থাৎ সভাপতি গৰাকীৰ তৎপৰতা দেখা পোৱা নাই- নেতা মেধিয়ে কয়।
আনহাতে নিয়া'ৰ পৰা পৰিত্ৰাণ পাবলৈহে গগৈয়ে দল গঠন কৰিছিল বুলিও গুৰুত্বপূৰ্ণ মন্তৱ্য প্ৰকাশ কৰে মেধিয়ে।
- Log in to post comments
- 22 views