ৰাইজৰ দল তথা অখিলৰ সংগ আকৌ এৰিলে কমল কুমাৰ মেধিয়ে; গোপনে ৰখা পদত্যাগৰ কথা ৰাজহুৱা কৰি কি লিখিলে পঢ়ক

A

নিউজ ডেস্ক:
ৰাইজৰ দল ত্যাগ কমল কুমাৰ মেধিৰ।সামাজিক মাধ্যম যোগে পদত্যাগৰ কথা অৱগত কৰিলে মেধিয়ে।উল্লেখ্য যে যোৱা ১২ এপ্ৰিলতে পদত্যাগ পত্ৰ নেতৃত্বলৈ প্ৰেৰণ কৰি দলত্যাগ কৰা বুলি প্রকাশ কৰিছে মেধিয়ে।“দলৰ ওপৰত নেতিবাচক প্ৰভাৱ নপৰক বুলি গোপনে ৰাখিছিলো দলত্যাগ কৰাৰ কথা ।মনৰ ভিতৰত থকা অভিযোগবোৰ আৰু ৰাজহুৱা নকৰো যদিও বা কবলৈ বহু কথাই আছে।সম্পূৰ্ণ ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়িছিলোঁ"- সামাজিক মাধ্যমত এইদৰে কয় নেতা গৰাকীয়ে।
ৰাইজৰ দলৰ কেন্দ্ৰীয় কৰ্ণধাৰ সমিতি বৈঠক দুদিনীয়াকৈ অনুষ্ঠিত হৈছিল।বৈঠকত পদত্যাগ কৰা বাবে উপস্থিত থকাৰ প্ৰশ্ন নাছিল।কিন্তু কৰ্ণধাৰ সমিতিয়ে পদত্যাগ পত্ৰ গ্ৰহণ নকৰা সিদ্ধান্ত লয় আৰু সভাপতি অখিল গগৈৰ নেতৃত্বত কৰ্ণধাৰ সমিতি মেধিৰ ঘৰলৈ গৈ পদত্যাগ পত্ৰ গ্ৰহণ নকৰা কথা অৱগত কৰে লগতে আজিৰ বিষয়ববীয়াক সভাত উপস্থিত থাকিবলৈ কয়।দলৰ সভাপতি আৰু কৰ্ণধাৰ সমিতিৰ আহ্বানলৈ সঁহাৰি জনাই সভাত সৌজন্যতাৰ খাতিৰত উপস্থিত থকা বুলি মেধিয়ে কয়। “সভাত উপস্থিত আছোঁ যদিও পদত্যাগ পত্ৰ প্ৰত্যাহাৰ নকৰো।সভাত কোনো কথা নকওঁ বুলি ভাবি সভাপতিক মনে মনে মাত লগাই উঠি আহিম বুলি ভাবিছিলো।কিন্তু তেনে সময়ত এটা বিষয়ক লৈ এক বিতৰ্ক আৰম্ভ হৈছিল।এগৰাকী নেতাই বিষয়টো অলপ বেলেগকৈ ব্যাখ্যা আগবঢ়াইছিল। আচল কথাটো সভাত উল্লেখ্য কৰি দিলোঁ।লগে লগে বিষয়টোক লৈ যুক্তি তৰ্ক আৰম্ভ হ’ল।একেলগে বহুকেইজন নেতা থিয় হৈ মোক উদ্দেশ্য কৰি কবলৈ ধৰিলে মই হেনো বিজেপিৰ এজেন্ট হৈ সভাত গণ্ডগোল লগাই দিছোঁ।কোনো কাৰণ নোহোৱাকৈ মই যদি বিজেপি এজেন্ট হ’ব পাৰিছো তেন্তে আপুনি এআইইউডিএফ অলকায়দাৰ এজেন্ট।তাৰ পিছত আৰু একো নকওঁ- "পদত্যাগৰ কথা ব্যাখ্যা কৰি এইদৰে  কয় মেধিয়ে ৷
ৰাইজৰ দলৰ নিষ্ঠাৱান কর্মীসকললৈ ক্ষমা প্ৰাৰ্থনা।গোপনে ৰখা খবৰটো পৰিস্থিতিয়ে ফাদিল কৰিব বাধ্য কৰালে।ইফালে বেলেগ কোনো দললৈ যোৱা পৰিকল্পনা নাই বুলি স্পষ্ট কৰি দিছে মেধিয়ে।
তাৎপৰ্যপূৰ্ণ কথা এই যে ৰাইজৰ দলৰ সাধাৰণ সম্পাদকৰ পদত আছিল মেধি।কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰি ৰাইজৰ দল গঠনৰ পাছত যোগদান কৰিছিল মেধিয়ে।

Your Comments