- 27 views
জি এছ টিৰ ফলত এক প্ৰকাৰ কোঙা হৈ পৰিছে অসমৰ ঐতিহ্যমণ্ডিত কাঁহ শিল্প।উল্লেখ্য যে ভাৰতৰ একমাত্ৰ এই হস্তিশল্পবিধৰ লগত জড়িত হৈ আছে অসমৰ কেইবাহাজাৰো শিল্পী। কিন্তু শেহতীয়াভাৱে সংযোজিত জি এছ টি ব্যৱস্থাৰ ফলত এইবিধ শিল্প উদ্যোগ আৰু ইয়াৰ লগত জড়িত শিল্পী আৰু ব্যৱসায়ীসকল ক্ষতিগ্ৰস্ত হ’বলগা হৈছে। অসমৰ সম্ভাৱনাপূৰ্ণ আৰু ঐতিহ্যপূৰ্ণ এই জাতীয় উদ্যোগটোৰ ওপৰত জি এছ টিয়ে মাধমাৰ শোধোৱাই নহয়, যদি এই শিল্প উদ্যোগক জি এছ টিৰ পৰা ৰেহাই দিয়া নহয় তেতিয়াহ’লে অচিৰেই ই মৃত্যুমুখলৈ গতি কৰিব। এই মন্তব্য আগবঢ়াইছে অসম সমবায় কঁহাৰ সংঘ লিমিটেডৰ উপ-সভাপতি প্ৰহ্লাদ তালুকদাৰে। উল্লেখ্য যে ১৯৩৩ চনতে স্থাপিত আৰু সমবায় আইনৰ অধীনত পঞ্জীয়নভুক্ত ভাৰতৰ দ্বিতীয়টো পুৰণি সমবায় এই কঁহাৰ সংঘৰ অধীনত আছে প্ৰায় ২ হাজাৰোধিক শিল্পী। কিন্তু জি এছ টি আইনৰ অধীনত এই উদ্যোগটোৱে প্ৰদান কৰিব লাগে মাহে ৬০ লাখ টকা, যিটো এক প্ৰকাৰ অসম্ভৱ। আনহাতে, এই উদ্যোগটোক জি এছ টিৰ পৰা ৰেহাই দিবৰ বাবে কঁহাৰ সংঘই বিত্ত বিভাগ, সমবায় বিভাগ, উদ্যোগ বিভাগ আদিক আবেদন জনাইছিল আৰু জি এছ টি কাউন্সিলৰ গুৱাহাটীত অনুষ্ঠিত সভাত আলোচনা হৈছিল যদিও সিদ্ধান্ত গ্ৰহণ কৰিবলৈ পৰৱৰ্তী বৈঠকলৈ ঠেলি দিয়ে। কিন্তু বৰ্তমানলৈ এই সম্পৰ্কত কোনো গেজেট ন’টিফিকেচন জাৰি কৰা হোৱা নাই। যাৰফলত কঁহাৰ শিল্পীসকলে এক প্ৰকাৰ টেঁটু চেপা খাবলগীয়া হৈছে। এই ক্ষেত্ৰত অনতি পলমে ব্যৱস্থা ল’বলৈ কঁহাৰ সংঘই ৰাজ্য চৰকাৰক সকীয়াই দি কয় যে ইয়াৰ অন্যথা তেওঁলোকে এই শিল্পকৰ্ম পৰিত্যাগ কৰাৰ গত্যন্তৰ নাথাকিব। উপ-সভাপতিগৰাকীয়ে লগতে প্ৰকাশ কৰে যে চৰকাৰে যদি অনতি পলমে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ’লে সকলো কঁহাৰ শিল্পীয়ে নিজৰ উৎপাদিত সামগ্ৰী তথা কাঁহ শিল্পত ব্যৱহৃত সা-সৰঞ্জামসহ দিছপুৰলৈ আহি চৰকাৰৰ ওচৰত জমা দি এই বৃত্তি ত্যাগ কৰাৰ দৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব।