
নিউজ ডেস্ক:
গুৱাহাটী পৌৰ নিগমৰ নির্বাচনলৈ মাজত আৰু ৪দিন দিন বাকী থকা অৱস্থাত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই নির্বাচনী আচৰণ বিধি উলংঘা কৰি ৬০০ কোটি টকাৰ পেকেজ ঘােষণা কৰা কাৰ্যক গৰিহণা আম আদমী পার্টীৰ।নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰিছিল ৬০০কোটি টকীয়া পেকেজ।বছৰ বছৰ ধৰি শাসনত থকাৰ পাছতাে মহানগৰখনৰ বাবে একো কৰিব নােৱাৰা বিজেপিয়ে নির্বাচনী বৈতৰণী পাৰ হ'বলৈ প্রলােভন আৰু মিথ্যাচাৰৰ আশ্রয় লৈছে- অভিযোগ আপৰ।
"নির্বাচনৰ আগত বিজেপিয়ে পেকেজ ঘােষণা কৰে, কিন্তু ক্ষমতালৈ অহাৰ পাছত সেই পেকেজ কেতিয়াও কার্যকৰী নকৰে"- সংবাদমেল সম্বোধন কৰি আপৰ নেতৃত্বই কয়।
ইফালে মহানগৰবাসীক বিজেপিৰ মিথ্যাচাৰত ভুল নাযাবলৈ আহ্বান জনাই আপে কয়- মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ ৬০টা ৱাৰ্ডৰ বাবে ৬০০ কোটি টকা পেকেজ ভােট গ্রহণৰ চাৰি দিন আগতে ঘােষণা কৰা কাৰ্যক গুৰুত্বসহকাৰে লৈ নির্বাচনী বিষয়াৰ ওচৰত অভিযােগ উত্থাপন কৰা হ’ব।আপ শাসনত আহিলে সস্তীয়া ৰাজনীতি কৰা সকলৰ দোকান বন্ধ হ'ব।
উল্লেখ্য যে গুৱাহাটী পৌৰ নিগমৰ ৩৯টা ৱাৰ্ডত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আপে।
- Log in to post comments
- 11 views