
নিউজ ডেস্ক:
অসম প্ৰদেশ কংগ্ৰেছত মোক্ষম আঘাট।প্ৰাক্তন সাংসদ তথা প্ৰদেশ কংগ্রেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাৰ দল ত্যাগ।কংগ্ৰেছৰ হাইকামাণ্ডলৈ পদত্যাগ পত্ৰ প্ৰেৰণ বৰাৰ।উল্লেখ্য যে শেহতীয়া ৰাজ্যসভা নিৰ্বাচনত পৰাস্ত হৈছিল বৰা।
ইফালে জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকী তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।ইতিমধ্যে তৃণমূল কংগ্ৰেছত যোগদানৰ প্ৰক্ৰিয়া প্ৰায় চূড়ান্ত কৰি কংগ্ৰেছ ত্যাগ কৰিছে বৰাই।
তাৎপৰ্যপূৰ্ণ কথা যে কংগ্ৰেছৰ তৰুণ গগৈ চৰকাৰত বৰা অসমৰ শিক্ষামন্ত্ৰীৰ দায়িত্বত আছিল।গহপুৰ সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছিল বৰা।পৰৱৰ্তী সময়ত অসমৰ পৰা ৰাজ্যসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল বৰা।
- Log in to post comments
- 16 views