গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ইভিএম পৰীক্ষণ সম্পন্ন

A

নিউজ ডেস্ক:
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে প্ৰশাসন।অহা ২২এপ্ৰিলত অনুষ্ঠিত হ’ব লগীয়া ভোট গ্ৰহণৰ বাবে ইতিমধ্যে চূড়ান্ত পৰ্যায়ত সাজু হৈ উঠিছে কামৰূপ মহানগৰ জিলা নিৰ্বাচন কৰ্তৃপক্ষ। আজি মহানগৰীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত ভোট গ্ৰহণত ব্যৱহৃত হ’বলগীয়া ই ভি এম সমূহৰ কমিছ’নিং কৰা হয়।সকলো ৰাজনৈতিক দলৰ প্ৰাৰ্থী/প্ৰতিনিধিৰ উপৰি আন আন সহকাৰী ৰিটাৰ্ণিং বিষয়াৰ উপস্থিতিত জিলা নিৰ্বাচন বিষয়া তথা কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই আৰম্ভ কৰে কমিছনিং কাৰ্যসূচী।সমান্তৰালকৈ নিৰ্বাচন প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে বিশেষ নিৰ্বাচন পৰ্যবেক্ষক, ব্যয় পৰ্যবেক্ষক তথা আন আন পৰ্যবেক্ষকসকলে মণিৰাম দেৱান ট্ৰেড চেন্টাৰত উপস্থিত হৈ ষ্ট্ৰং ৰুম সমূহ সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰাৰ লগতে নিৰ্বাচন প্ৰস্তুতি সম্পৰ্কীয় সকলো দিশৰ বুজ লয়।উল্লেখনীয় যে ই ভি এমৰ কমিছনিং এনে এক বিজ্ঞানসন্মত পদ্ধতি য’ত প্ৰথমতে ই ভি এমসমূহ ভালদৰে চাই-চিতি পেয়াৰিং কৰা হয় আৰু তাত থকা সকলো পুৰণি তথ্য ফৰমেট কৰি নাইকীয়া কৰি দিয়া হয়।তাৰ পাছত বেলট সংস্থাপন কৰি উপস্থিত থকা প্ৰতিনিধিসকলক পৰীক্ষামূলকভাৱে ভোট দি মেচিনটো ঠিকেই থকাটো নিশ্চিত কৰিবলৈ দিয়া হয়।সকলো ঠিকেই থকাটো নিশ্চিত কৰাৰ পাছত পুনৰ ফৰমেট কৰি ভোটগ্ৰহণৰ বাবে সাজু কৰি তোলা হয় ই ভি এম সমূহ।
ইফালে পৰীক্ষণ কৰা ই ভি এমসমূহ ছীল কৰি ষ্ট্ৰং ৰুমত থোৱা হয়।নিৰ্বাচনৰ বাবে ৬টা ষ্ট্ৰংৰুমৰ ব্যৱস্থা কৰা হৈছে।প্ৰথম ষ্ট্ৰং ৰুমত ১নং ৱাৰ্ডৰ পৰা ১০ নং ৱাৰ্ডলৈ মুঠ ৮৯টা ভোটগ্ৰহণ কেন্দ্ৰত ব্যৱহাৰ কৰিবলগীয়া ই ভি এমসমূহ ৰখা হৈছে।দ্বিতীয় ষ্ট্ৰং ৰুমত ১১ নং ৱাৰ্ডৰ পৰা ২০ নং ৱাৰ্ডলৈ ১৩১টা ভোটগ্ৰহণ কেন্দ্ৰ, তৃতীয় ষ্ট্ৰং ৰুমত ২১ নং ৱাৰ্ডৰ পৰা ৩০ নং ৱাৰ্ডলৈ মুঠ ১১৩ টা ভোটগ্ৰহণ কেন্দ্ৰ, চতুৰ্থ ষ্ট্ৰং ৰুমত ৩১নং ৱাৰ্ডৰ ৪০ নং ৱাৰ্ডলৈ মুঠ ১৩০ টা ভোটগ্ৰহণ কেন্দ্ৰ, পঞ্চম ষ্ট্ৰং ৰুমত ৪১ নং ৱাৰ্ডৰ পাৰ ৫০ নং ৱাৰ্ডলৈ মুঠ ১৩৯টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু ষষ্ঠ ষ্ট্ৰং ৰুমত ৫১ নং ৱাৰ্ডৰ পৰা ৬০ নং ৱাৰ্ডলৈ মুঠ ১৫৫টা ভোটগ্ৰহণ কেন্দ্ৰত ব্যৱহাৰ হ’ব লগা ই ভি এমসমূহ ৰখাৰ ব্যৱস্থা কৰা হৈছে।উল্লেখ্য যে সৰ্বমুঠ ৭৫৭টা কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।২৪এপ্ৰিলত মণিৰাম দেৱান ট্ৰেড চেন্টাৰতে অনুষ্ঠিত হ’ব ভোট গণনা।

Your Comments