
নিউজ ডেস্ক:
অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ ব্যাপক উচাহৰ মাজতো গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ জোৰদাৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে।২২এপ্ৰিলত অনুষ্ঠিত হ’ব লগা গুৱাহাটী পৌৰ নিগমৰ বাবে সৰ্বমুঠ প্ৰাৰ্থী ১৯৭গৰাকী।মুঠ ৬০টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন।কংগ্ৰেছ, বিজেপি, অসম জাতীয় পৰিষদ, আম আদমী পাৰ্টী প্ৰমুখ্যে বহুকেইটা ৰাজনৈতিক দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।
গুৰুত্বপূৰ্ণ কথা এই যে ,অসম জাতীয় পৰিষদ আৰু আম আদমী পাৰ্টীয়ে প্রথমবাৰলৈ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।
- Log in to post comments
- 7 views