কংগ্ৰেছৰ যুৱ নেত্ৰী অনন্যা শইকীয়াৰ জাতীয় পৰিষদত যোগদান

A

নিউজ ডেস্ক:
অসম প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম কোষৰ সম্পাদক তথা এন এছ ইউ আইৰ ৰাজ্যিক মুখপাত্ৰ অনন্যা শইকীয়াৰ অসম জাতীয় পৰিষদত যোগদান।এগৰাকী মিডিয়া পেনেলিষ্ট হিচাপে পৰিচিত শইকীয়া পূৰ্বে কংগ্ৰেছ দলৰ বিষয়বাব আৰু প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছিল।বুধবাৰে গুৱাহাটী পৌৰ নিগমৰ ২নং ৱাৰ্ডৰ পদুমবড়ীত জাতীয় পৰিষদৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত যুৱ নেত্ৰীগৰাকীয়ে সভাপতি লুৰীণজ্যোতি গগৈৰ উপস্থিতিত যোগদান কৰে৷সভাপতি গগৈয়ে এখন ফুলাম গামোছা আৰু দলৰ সদস্যভৰ্তিৰ প-পত্ৰৰে শইকীয়াক দললৈ আদৰণী জনায় ৷কাৰ্যসূচীত দলৰ উপসভাপতি পংকজলোচন দেৱগোস্বামী, সম্পাদক গিৰীণ তালুকদাৰ, জাতীয় মহিলা শক্তিৰ সম্পাদিকা অপৰাজিতা বৰা দাস, তথ্যপ্ৰযুক্তিৰ সম্পাদক দেৱজিৎ চৌধুৰী, জাতীয় যুৱশক্তিৰ মুখ্য আহ্বায়ক চন্দ্ৰপল বৰুৱা, দলৰ কামৰূপ জিলা সমিতিৰ সম্পাদক আচিফ আলীসহ নেতাসকল উপস্থিত থাকে৷
যোগদান কৰি অনন্যাই কয়-এটা স্বাভিমানী মন লৈ ৰাজনীতিলৈ আহিছিলো৷কিন্তু কংগ্ৰেছ দলত থাকি দিল্লীৰ নেতাসকলে অসমৰ স্থানীয় নেতাসকলৰ মতামত আৰু অনুভূতিৰ গুৰুত্ব নিদিয়াকৈ দিল্লীৰ পৰাই দল চলাই থকা কাৰ্য সহ্য কৰিব নোৱাৰি স্বাভিমানী জাতীয়তাবাদ প্ৰতিষ্ঠাৰ অংগীকাৰেৰে আগবঢ়া দল জাতীয় পৰিষদত যোগদানৰ সিদ্ধান্ত ললোঁ।

Your Comments