
নিউজ ডেস্ক:
অসম প্ৰদেশ কংগ্ৰেছত দলত্যাগৰ জোৱাৰ অব্যাহত।বুধবাৰে পুনৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ সমূহীয়া ভাৱে দলত্যাগ ১৭গৰাকী ৰাজ্যিক পৰ্যায়ৰ নেতাৰ।অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সামাজিক মাধ্যম, আই টি বিভাগৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক অৰুণিমা দাসৰ নেতৃত্বত দলত্যাগ কৰে নেতা-কৰ্মী সকলে।দলত্যাগ কৰাসকলৰ ভিতৰত ৰাজীৱ গুপ্তা সাধাৰণ সম্পাদক সামাজিক মাধ্যম আৰু আই টি বিভাগৰ, সুস্মিতা গোস্বামী, বুবুল চন্দ্ৰ বৰ্মন, দীক্ষা কলিতা, ইনামূল হক, অজিত দাস, শুভ্রজ্যোতি চৰকাৰ, ডিম্বেশ্বৰ শৰ্মা, পংকজ ডেকা, সোনজিৎ পাল, মন্টেশ্বৰ তেৰণ, কাশ্মীৰি ৰাজকুমাৰী, সুৰেশ মেধী, বিক্ৰম দেৱ, প্ৰসেনজিৎ ঘোষ, চন্দন ঘোষ।গুৰুত্বপূৰ্ণ কথা এই যে , দলত্যাগ কৰাসকলৰ ভিতৰত আইটি বিভাগৰ উপৰিও আছে ভাষা বিভাগ, কৃষাণ বিভাগৰ নেতাকর্মী।
গুৱাহাটী প্ৰেছ ক্লাবৰ সংবাদমেলত দলত্যাগী অৰুণিমা দাসে কয়-“বর্তমান নেতৃত্বৰ কৰ্মকাণ্ডত আমি কাম- কাজ কৰিব পৰা নাই।লবী কেন্দ্ৰীক ৰাজনীতিয়ে গ্ৰাস কৰিছে দলটোক।কংগ্ৰেছ দলটোত অনুশাসন নাইকিয়া হৈছে।যাৰ যি মন যায় তাকে কৰিছে।কংগ্ৰেছীয়ে কংগ্ৰেছীক ধ্বংস কৰিছে,বিৰোধীৰ প্ৰয়োজন নাই।
আনহাতে কংগ্ৰেছে মূল নীতিৰ পৰা বহুত দূৰলৈ আঁতৰি গৈছে।নেতৃত্বই যিদৰে কাম আগবঢ়াই নিব লাগে ঠিক সেইদৰে দলটোক আগবঢ়াই নিব পৰা নাই।কাৰ্যালয়ৰ ঝাড়ু দিবলৈ থকা মানুহজনক এতিয়া সামাজিক মাধ্যমৰ সাধাৰণ সম্পাদকৰ দায়িত্ব দিছে”- পদত্যাগ কৰি ৰাজীৱ গুপ্তাই কয়।
কংগ্ৰেছ দলটোত প্ৰতিজন নেতাৰে এতিয়া নিজা নিজা লবী আছে।যাৰ বাবে দলৰ ক্ষতি হোৱা মন্তৱ্য দিবলৈও চিন্তা নকৰে।লগতে দলত নেতা-কর্মীৰ মাজৰ দূৰত্ব বৃদ্ধি পোৱা বুলিও লগতে কয়।
ইফালে পদত্যাগ পত্ৰ তেওঁলোকে ৰাজ্যিক নেতৃত্বক দিয়াৰ উপৰিও সৰ্বভাৰতীয় নেতৃত্বলৈও প্ৰেৰণ কৰা বুলি সংবাদমেলত উল্লেখ কৰে।
- Log in to post comments
- 17 views