
নিউজ ডেস্ক:
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি অসম গণ পৰিষদৰ।গুৱাহাটীবাসীৰ প্ৰতি আমাৰ দায়বদ্ধতা শীৰ্ষক ইস্তাহাৰ মঙলবাৰে মুকলি কৰে দলৰ সভাপতি মন্ত্ৰী অতুল বৰাই।ৰঙালী বিহুৰ প্ৰাকক্ষণত সাংবাদিকৰে মত-বিনিময় শীৰ্ষক অনুষ্ঠানত ১৬টা প্ৰতিশ্ৰুতি সম্বলিত নিৰ্বাচনী ইস্তাহাৰখন মুকলি কৰে।ভূমিহীনক মাটি পট্টা প্ৰদান কৰা, আৰ্ৱজনামুক্ত গুৱাহাটী, যান-জঁটৰ ব্যৱস্থা সুষম কৰা, বিশুদ্ধ খোৱাপানীৰ যোগান, কৃত্ৰিম বান ৰোধ, অপৰাধ আৰু নিচামুক্ত গুৱাহাটী নিৰ্মাণকে ধৰি বহুকেইটা প্ৰতিশ্ৰুতি উল্লেখ আছে ইস্তাহাৰত।গুৰুত্বপূৰ্ণ কথা এই যে ,বিজেপি মিত্ৰজোঁটৰে পৌৰ নিগমৰ নির্বাচনত অৱৰ্তীন হৈছে অসম গণ পৰিষদ।মুঠ ৬০টা ৱাৰ্ডত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনত অগপ দলে প্ৰাৰ্থী থিয় কৰাইছে মাত্ৰ ৭টা ৱাৰ্ডত।বাকী ৫৩টা ৱাৰ্ডত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে বিজেপি দলে।
আনহাতে মত-বিনিময় অনুষ্ঠানত আগন্তুক দিনবোৰৰ কাৰ্য প্ৰণালী সম্পৰ্কে অৱগত কৰে মন্ত্ৰী তথা সভাপতি বৰাই।মন্ত্ৰী হিচাপে কৃষক ৰাইজৰ সমস্যা সমাধান কৰাৰ লগতে উৎপাদন বৃদ্ধিৰ সকলো পদক্ষেপ লবলৈ সাজু।কৃষিৰ জৰিয়তে স্ব-নিয়োজনৰ মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টা বাস্তৱত ৰূপায়িত কৰা হ’ব।
ইফালে আঞ্চলিকতাবাদক বিশ্বাসী অসমৰ জনগণৰ একমাত্ৰ ভৰসাৰ দল অগপ।গুৱাহাটী পৌৰ নিৰ্বাচনৰ পাছতে নতুন সদস্য ভৰ্তি অভিযান আৰম্ভ কৰা হ’ব- বৰাই লগতে কয়।
উক্ত মত-বিনিময় অনুষ্ঠানতে স্বাস্থ্যমন্ত্ৰী তথা অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই বহাগৰ নতুন দিনতে চৰকাৰৰ বৰ্ষপূৰ্তিৰ সময়ত নতুন বতৰা ৰাইজলৈ দিয়া হ’ব বুলি উল্লেখ কৰি কয় যে ,২৮এপ্ৰিলত ৰাজ্যত ৭খনকৈ কেঞ্চাৰ হাস্পতালৰ মুকলিৰ লগতে অন্য ৭খন কেঞ্চাৰ হাস্পতালৰ আধাৰশিলা স্থাপন কৰিব।দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ডিব্ৰুগড়ৰ পৰাই ৭খন হাস্পতাল মুকলিৰ লগতে অন্য ৭খনৰ আধাৰ শিলা স্থাপন কৰিব।মুকলি হ’ব লগা কেঞ্চাৰ হাস্পতাল কেইখন ডিব্ৰুগড়, লখিমপুৰ, তেজপুৰ, দৰং, কোকৰাঝাৰ, যোৰহাট আৰু বৰপেটাৰ।একেদৰে আধাৰশিলা স্থাপন হ’ব তিনিচুকীয়া, নগাঁও, গোলাঘাট, ধুবুৰী, গোৱালপাৰা, শিৱসাগৰ, নলবাৰী কেঞ্চাৰ হাস্পতালৰ।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত স্বাস্থ্যখণ্ড আমূল পৰিৱৰ্তনৰ দিশত আগবাঢ়িছে।প্ৰশাসনত সংস্কাৰ হৈছে, নিচাযুক্ত ঘটনা আৰু অপৰাধ কমিছে।অপৰাধৰ ঘটনা হ্ৰাস পোৱা সন্দৰ্ভত তেওঁ কয়- গুৱাহাটী মহানগৰীত ৩০ শতাংশ গোচৰ ৰুজু হ্রাস পাইছে।
ইফালে ১০মেত গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ বৰ্ষপূৰ্তিৰ দিনটোত গৃহমন্ত্ৰী অমৃত শ্বাহে নিৰ্মীয়মান চুপাৰ স্পেচিয়েলিটি হাস্পতাল মুকলি কৰিব বুলিও ঘোষণা কৰে।মত-বিনিময় অনুষ্ঠানত উপস্থিত থাকে দলটোৰ বহুকেইজন জ্যেষ্ঠ নেতা।
- Log in to post comments
- 7 views