যোৱা ২০ ছেপ্টেম্বৰত মৰিগাঁও জিলাৰ কৃষি বিভাগৰ প্ৰেক্ষাগৃহত কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠান (IRRI)ৰ সহযোগত এপাৰ্টৰ (APART) ধান সংক্ৰান্তীয় আঁচনিৰ অধীনত বীজ উৎপাদনৰ সজাগতা সভা অনুষ্ঠিত হয় ।
অনুষ্ঠানত অসম চৰকাৰৰ কৃষি বিভাগৰ জিলা কৃষি বিষয়া অজিত নাথে এপাৰ্টৰ কৃষি বিষয়ক আঁচনিসমূহৰ সফল ৰূপায়ণত গুৰুত্ব প্ৰদান কৰিবলৈ বিষয়াবৰ্গক আহ্বান জনায় ।
কৃষি বিজ্ঞান কেন্দ্ৰৰ আঁচনি সমন্নয়ক ডঃ ৰিজুস্মিতা শৰ্মা ডেকা উপস্থিত থাকি এপাৰ্টৰ আঁচনিত কৃষি বিজ্ঞান কেন্দ্ৰৰ অংশগ্ৰহণৰ বিশদ আলোচনা আগবঢ়ায় ।
আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠানৰ ৰেছিডেণ্ট সমন্বয়ক আৰু বিজ্ঞানী ডঃ কৌৰ সিং উপস্থিত থাকি বিভিন্ন প্ৰতিকূল পৰিস্থিতিত কৰিব পৰা ধানৰ বিভিন্ন জাতসমূহৰ বিষয়ে আভাষ দিয়ে আৰু বিভিন্ন ধানৰ জাতসমূহৰ জৰিয়তে কৃষক কিদৰে উপকৃত হ'ব বিস্তৃতভাৱে বৰ্ণনা কৰে ।
সভাত ডঃ কস্তুৰী গোস্বামীয়ে ইৰিৰ বিষয়ে বক্তব্য আগবঢ়ায় । প্ৰশিক্ষণত ইৰিৰ জ্যোতি বিকাশ নাথে বীজ উৎপাদনৰ উন্নত প্ৰযুক্তি আৰু বীজ উৎপাদনৰ জৰিয়তে কৃষি উদ্যোগী হ'বৰ বাবে আহ্বান জনায় ।
উল্লেখ্য যে বিভিন্ন উন্নত ধানৰ জাতৰ বীজৰ বাবে অসম এতিয়াও অন্য ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল ।
প্ৰশিক্ষণত কৃষি উন্নয়ন বিষয়া, কৃষি বিভাগৰ বিষয়াবৰ্গ আৰু ৩০জন কৃষকে প্ৰশিক্ষণ গ্রহণ কৰে ।
- Log in to post comments
- 69 views