মোডী চৰকাৰ ভাৰতৰ নাগৰিকৰ তেজ খোৱা চৰকাৰ, মূল্যবৃদ্ধিত বিশ্বগুৰু হ'ব ভাৰত- অখিল গগৈ

A

নিউজ ডেস্ক:

'মোডী চৰকাৰ, ভাৰতৰ নাগৰিকৰ তেজখোৱা চৰকাৰ।হিতাধিকাৰী সৃষ্টিৰে জনতাক কিনিছে।দেশত আৰ্থিক সংকট দেখা দিবলৈ বেছি দিন নাই।শ্ৰীলংকা,নেপালৰ পৰিস্থিতিৰ দিশে আগবাঢ়িছে দেশ"- এই গুৰুত্বপূৰ্ণ মন্তব্য বিধায়ক অখিল গগৈৰ।দেশত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি সন্দৰ্ভত সৰৱ হৈ ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে কয় ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ ফলত ইন্ধনৰ মূল্য  বৃদ্ধি হোৱা বুলি বিজেপি চৰকাৰে জনতাক মিছা প্ৰচাৰ চলাইছে।পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক জগৰীয়া কৰি বিধায়ক গগৈয়ে পূৰ্বৰ মনমোহন সিঙৰ কংগ্ৰেছ চৰকাৰ, বৰ্তমানৰ মোডী চৰকাৰে পেট্ৰ’ল-ডিজেলত আৰোপ কৰা কৰৰ তুলনা কৰি কয়-আন্তৰ্জাতিক বজাৰত আজিৰ দিনটোত প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য ১০২.৮০ ডলাৰ।কিন্তু ২০১৪ চনৰ মে মাহত মনমোহন সিঙৰ চৰকাৰৰ দিনত খাৰুৱা তেলৰ প্ৰতি বেৰেলত দাম হৈছিল ১০৫.৭ ডলাৰ ।কিন্তু বৰ্তমান সময়ৰ দৰে পেট্ৰ’ল-ডিজেলৰ মূল্য সেই সময়ত বৃদ্ধি হোৱা নাছিল।সিং চৰকাৰত আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ দাম সৰ্বাধিক ১৪৫ডলাৰ হৈছিল কিন্তু সেই সময়ত দেশত প্রতিলিটাৰ পেট্ৰ’লত সৰ্বাধিক দাম আছিল ৭১.৪২টকা।একেদৰে প্ৰতিলিটাৰ ডিজেলত ৫৫.৪৯টকা।শেহতীয়া কৈ ৰাজ্যত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ কাৰণ ব্যাখ্যা কৰি গগৈয়ে কয়- গুৱাহাটীত আজি প্রতিলিটাৰ পেট্ৰ’লত ১০৫.৬৬ টকা।য’ত ৪৫.৫০ টকা কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ কৰ লাগিছে।কেন্দ্ৰীয় মোডী চৰকাৰে ২৭.৯০টকা আৱকাৰী কৰ আৰু হিমন্ত চৰকাৰে ১৭.৬০টকা কৰ লগাইছে।গুৰুত্বপূৰ্ণ কথা যে মনমোহন চৰকাৰৰ দিনত পেট্ৰ’লত সৰ্বাধিক কেন্দ্ৰীয় কৰ ৯.৪৫টকা আৰু ৰাজ্যৰ কৰ ৩.৫৬টকা থকা বুলি তেওঁ জানিব দিয়ে।আনহাতে প্ৰতিলিটাৰ ডিজেল আজি গুৱাহাটীত ৯১.৫৫টকা।য’ত ৩৪.২৪টকা কেন্দ্ৰীয়-ৰাজ্যৰ কৰ লাগিছে বুলি তেওঁ কয়।কেন্দ্ৰীয়-ৰাজ্য চৰকাৰে অত্যাধিক কৰ আৰোপ কৰি জনতাক হাৰাশাস্তি কৰা ফলতে বৃদ্ধি হৈছে পেট্ৰ’ল-ডিজেলৰ মূল্য বুলি উল্লেখ কৰি তেওঁ কয়-বিগত ৭বছৰত মোডী চৰকাৰে ২৬লাখ কোটি টকা পেট্ৰ’ল-ডিজেলত কৰ সংগ্ৰহ কৰিছে।তাৰ পাছতো আজি দেশ দেউলীয়া।
আনহাতে মনমোহন সিঙৰ দিনত ৰন্ধন গেছ ছিলিণ্ডাৰৰ দাম আছিল ৪৪১টকা।তাৰ এতিয়া দুগুণ হৈ ৯৯৮টকা হ’ল।ইয়াৰ উপৰিও নিৰ্মান সামগ্ৰী, খাদ্য সামগ্ৰী, দৰৱ আদি মূল্যবৃদ্ধিত ত্ৰাহি মধুসোদন দেখিছে জনতাই- গগৈয়ে কয়। 
ইফালে মোডীৰ নেতৃত্বত ভাৰতক বিজেপিয়ে বিশ্বগুৰুৰ আসনত প্ৰতিষ্ঠা কৰিব বুলি কৰি অহা মন্তৱ্যক কটাক্ষ কৰি গগৈয়ে কয়- মূল্যবৃদ্ধিত বিশ্বগুৰু হ’ব পাৰিব ভাৰত।

Your Comments