
নিউজ ডেস্ক:
অসম প্ৰদেশ কংগ্ৰেছৰ বাবে আন এক মোক্ষম আঘাট।বিগত বিধানসভাৰ নিৰ্বাচনত পূৱ গুৱাহাটী সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা অসীমা বৰদলৈৰ দলত্যাগ।অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ পদত আছিল জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী গৰাকী।গুৰুত্বপূৰ্ণ কথা যে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নাতিনী তথা কেপ্তেইন ৰবীন বৰদলৈৰ কন্যা অসীমা।
তাৎপৰ্যপূৰ্ণ কথা এই যে বিগত বিধানসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ হাতত পৰাজিত হৈছিল অসীমা।শেহতীয়া ভাৱে কংগ্ৰেছত থাকিও প্ৰায় নিস্ক্ৰিয় হৈ থকাৰ দৰে আছিল মহিলা নেত্ৰী গৰাকী।আনহাতে কেপ্তেইন ৰবীন বৰদলৈয়ে ইতিমধ্যে কংগ্ৰেছ ত্যাগ কৰি বিজেপি দলত যোগদান কৰিছে।বিশেষ সূত্ৰৰ খবৰ মতে অসীমা বৰদলৈয়েও শীঘ্ৰে যোগদান কৰিব বিজেপিত।
- Log in to post comments
- 17 views