জিএমচি নিৰ্বাচন: এজেপি নিৰ্বাচনী ইস্তাহাৰ সু-প্ৰভাত গুৱাহাটী মুকলি, পঢ়ক

A

নিউজ ডেস্ক:
সমাগত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনক লৈ অসম জাতীয় পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি।বুধবাৰে এজেপি মুখ্য কাৰ্যালয়ত 'সুপ্ৰভাত গুৱাহাটী' শীৰ্ষক নিৰ্বাচনী ইস্তাহাৰখন মুকলি কৰে দলটোৰ সভাপতি লুৰণীজ্যোতি গগৈয়ে।উপস্থিত থাকে এজেপিৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, মুখ্য উপদেষ্টা ডাঃবসন্ত ডেকা ।
উল্লেখ্য যে ২২এপ্ৰিলত অনুষ্ঠিত হ’ব লগা পৌৰ নিগমৰ নিৰ্বাচনত ২৫টা ৱাৰ্ডত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে দলটোৱে।নিৰ্বাচনত এজেপিক সুযোগ দিলে মহানগৰবাসীক ৫০ ইউনিতকৈ বিদ্যুৎ বিনামূলীয়া কৰাৰ প্ৰতিশ্ৰুতি।চৰকাৰে গুৱাহাটী মহানগৰীক খীৰতি গাই হিচাপে ব্যবহাৰ কৰাৰ অভিযোগ দলটোৰ সভাপতি লুৰীণজ্যোতিৰ।গুৱাহাটী মহানগৰীৰ বিশুদ্ধ খোৱা পানী সমস্যাৰ বাবে দায়ী ৰাজ্যৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী হৈ থাকোতে লুই বাৰ্ৰজাৰ, জাইকা প্ৰকল্পৰ আৰম্ভ কৰিও আজিলৈ মহানগৰবাসীক পানী খোৱাব নোৱাৰিলে শৰ্মাই-গগৈয়ে কয়।
চৰকাৰৰ পৰিকল্পনাহীনতাৰ বাবে উন্নয়ন হোৱা নাই গুৱাহাটী।খোৱা পানীৰ ওপৰিও কৃত্ৰিম বান, জাৱৰ নিষ্কাষনে  স্থান পাইছে এজেপিৰ ইস্তাহাৰত।একেদৰে ষ্ট্ৰীট লাইট, চিচিটিভি স্থাপনৰ প্ৰসঙ্গও উল্লেখ কৰিছে দলটোৱে।

Your Comments