চিৰাজুদ্দিন আজমলৰ বিৰুদ্ধে কংগ্রেছৰ এজাহাৰ দাখিল

A

নিউজ ডেস্ক
অসমীয়া ভাষাক চূড়ান্তভাৱে অপমান কৰা যমুনামুখ সমষ্টিৰ বিধায়ক চিৰাজুদ্দিন আজমলৰ বিৰুদ্ধে গোচৰ দাখিল।বিহপুৰীয়া থানাত এজাহাৰ দাখিল কৰে বিহপুৰীয়া ব্লক কংগ্ৰেছে।বিহপুৰীয়া ব্লক কংগ্ৰেছৰ সভাপতি মধু সাতোলাই সতীৰ্থসকলৰ সৈতে দাখিল কৰে আজমলৰ বিৰুদ্ধে এজাহাৰ।অসমতে খাই, অসমৰে মানুহক আভুৱা ভাৰী ভোট লৈ বিধায়কৰ আসনত বহা এজন বিধায়কৰ এনে জাতি বিৰোধী আচৰণক বিহপুৰীয়া  ব্লক কংগ্ৰেছে গৰিহণা জনাইছে।বিধায়ক গৰাকীক শাস্তি প্রদান নকৰালৈ শান্ত নহয় বুলি এজাহাৰ দাখিল কৰি সভাপতি গৰাকীয়ে কয়।
উল্লেখ্য যে দুদিন পূর্বে অসম বিধানসভাৰ প্ৰাংগণত অসমীয়া ভাষাক তুচ্ছ-তাচ্ছিল্য কৰিছিল বিধায়ক গৰাকীয়ে।

Your Comments