জিএমচি নিৰ্বাচনৰ মনোনয়ন পৰীক্ষা;২০৮প্ৰাৰ্থীৰ মনোনয়ন বৈধৰ বিপৰীতে ৪প্ৰাৰ্থীৰ মনোনয়ন নাকচ

A

নিউজ ডেস্ক:
অহা ২২এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ পৰীক্ষা সম্পন্ন।প্ৰতিদ্বন্দিতাৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা মুঠ ২১২ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পৰীক্ষাৰ অন্তত ৪ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ কৰাৰ বিপৰীতে ২০৮গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ হিচাপে গ্ৰহন কৰা হয়।কামৰূপ মহানগৰ জিলা নিৰ্বাচনী বিষয়া পল্লৱ গোপাল ঝাৰ তত্ত্বাৱধানত তথা নিৰ্বাচন পৰ্যবেক্ষকসকলৰ উপস্থিতিত পৰীক্ষা কৰা হয় মনোনয়ন পত্ৰসমূহ।মহানগৰীৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হোৱা এই পৰীক্ষণ কাৰ্যসূচীত সহকাৰী নিৰ্বাচনী বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশসকলে মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰে। মনোনয়ন নাকচ হোৱাৰ ভিতৰত আছে ৪নম্বৰ ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী মধুমিতা চক্ৰৱৰ্তী , ১৬নম্বৰ ৱাৰ্ডৰ ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী দীপক প্ৰসাদ, ৪১ নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ পিংকি বৰপূজাৰী আৰু ৪৪নম্বৰ ৱাৰ্ডৰ ৰাষ্ট্ৰীয় জনতা দলৰ প্ৰাৰ্থী কামাখ্যা পাণ্ডে।উল্লেখ্য যে প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন অহা ৪ এপ্ৰিল।তাৎপৰ্যপূৰ্ণ কথা এই যে ,গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ৫০% শতাংশ ৱাৰ্ড মহিলা প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।২২এপ্ৰিলৰ পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০বজালৈ মুঠ ৭৮০টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া এইবাৰ নিৰ্বাচনত মুঠ ৭, ৯৭,৮০৭ গৰাকী ভোটাৰে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব।ইয়াৰে ৩,৯৭,১২৮গৰাকী পুৰুষ, ৪,০০,৬৫৪ গৰাকী মহিলা আৰু ২৬ জন তৃতীয় লিংগৰ ভোটাৰ আছে।

Your Comments