অসমীয়া ভাষাক অপমান কৰা AIUDFৰ আজমল ভাতৃদ্বয়ৰ প্ৰতিকৃতি দাহ এজেপিৰ

A

নিউজ ডেস্ক:

অসমীয়া ভাষাক চূড়ান্ত অপমান কৰা যমুনামুখ সমষ্টিৰ এআইইউডিএফৰ বিধায়ক চিৰাজুদ্দিন আজমল আৰু দলটোৰ সভাপতি বদৰুদ্দিন আজমলৰ প্ৰতিকৃতি দাহ কৰে অসম জাতীয় পৰিষদে।অসমীয়া ভাষা-জাতিক অপমানৰ প্ৰতিবাদত আজমল ভাতৃদ্বয়ৰ প্ৰতিকৃতি দাহ কৰে নৱগঠিত আঞ্চলিক দলটোৱে।দলটোৰ জু-ৰোডস্থ মুখ্য কাৰ্যালয়ৰ সন্মুখত চিৰাজুদ্দিন আজমল মুর্দাবাদ, বদৰুদ্দিন আজমল মুর্দাবাদ, অসমত সাম্প্ৰদায়িক ৰাজনীতি নচলিব, অসমত অসমীয়া বিদ্বেষ নচলিব, অসমত অসমীয়া ভাষা ক’বই লাগিব, বিজেপি দালাল এআইইউডিএফ আদি বিভিন্ন শ্লোগান দিয়ে এজেপি কর্মীসকলে।

উল্লেখ্য যে শুকুৰবাৰে(আজি) বিধানসভাত চিৰাজুদ্দিন আজমলে 'মই অসমীয়া নকওঁ, অসমীয়া মানুহ কেইটা আছে আৰু কেইটাই অসমীয়া বুজি পায়।আজমল ইণ্টাৰনেছনেল মানুহ, এআইইউডিএফ ৰাষ্ট্ৰীয় দল, আমি ইংৰাজীহে কম' বুলি তীৰ্যক মন্তৱ্যৰে অসমীয়া ভাষাক চুড়ান্ত ভাৱে অপমান কৰিছিল ।দুনিয়াত কোন মানুহে অসমীয়া জানে।ইন্টাৰনেচনেল মানুহ মই, ইংৰাজীত নকলে বুজি নাপাব।
ইফালে প্ৰতিকৃতি দাহ কৰি চিৰাজুদ্দিনৰ মন্তৱ্যক উভতি ধৰি এজেপিৰ প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমানে কয়- ইণ্টাৰনেচনেল মানুহৰ অসমত কাম কি!ইণ্টাৰনেচনেল ভাষাত কথা কওঁক, তাত ক’ব লগা নাই।কিন্তু কিমানে অসমীয়া ভাষা জানে বুলি কিয় ক’ব?এই মন্তৱ্যৰে তেওঁ অসমীয়া জাতিক চূড়ান্ত ভাৱে অপমান কৰিছে।।
উল্লেখ্য যে ,এআইইউদিএফৰ প্ৰধান বদৰুদ্দিন আজমলৰ ভাতৃ চিৰাজুদ্দিন আজমলক সদ্যঘোষিত ৰাজ্যসভাৰ নিৰ্বাচন প্ৰসংগত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত এইদৰে কৈছিল বিধায়ক গৰাকীয়ে।

Your Comments