শাসকীয় পক্ষই কৈ থকাৰ দৰেই হ’ল ৰাজ্যসভাৰ ফলাফল; পবিত্ৰ-ৰনগৌৰাৰ জয় ,ৰিপুনৰ পৰাজয়

A

নিউজ ডেস্ক:

অসমৰ ৰাজ্যসভাৰ দুয়োখন আসনতেই জয়ী বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী।বৃহস্পতিবাৰে মাজনিশা ঘোষণা হয় ফলাফল।দ্বিতীয় আসনত শাসকীয় পক্ষত প্ৰয়োজন মতে ভোট নথকাৰ পাছতো নাটকীয় ভাৱে ৪৪টাকৈ ভোট  লাভে বিজেপি সমৰ্থিত ইউপিপিএলৰ প্ৰাৰ্থী ৰনগৌৰা নাৰ্জাৰী ৰাজ্যসভালৈ নিৰ্বাচিত হয়।গুৰুত্বপূৰ্ণ কথা যে বিৰোধীৰ উমৈহতীয়া কংগ্রেছ প্ৰাৰ্থী ৰিপুন বৰাৰ জয়ৰ মেজিক নাম্বাৰ থকাৰ পাছতো নাটকীয় ভাৱে পৰাজয় হয়।বিৰোধী উমৈহতীয়া প্ৰাৰ্থী গৰাকীয়ে ৪৩টা ভোটৰ সমৰ্থনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও  তেওঁ লাভ নকৰিলে ৪৩টা ভোট।বৰাই সৰ্বমুঠ ৩৬টা ভোট লাভ কৰিছিল যদিও তাৰে দুটাকৈ ভোট বাতিল হয়।অৰ্থাৎ কংগ্রেছৰ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰে ৩৪টাহে ভোট।
আনহাতে প্ৰথমখন আসনত ৪৬টাকৈ ভোট লাভ কৰি ৰাজ্যসভালৈ নিৰ্বাচিত হয় পবিত্ৰ মাঘেৰিটা। 
তাৎপৰ্যপূৰ্ণ কথা এই যে নিৰ্বাচনৰ আগৰ পৰা দ্বিতীয়খন আসনত প্ৰয়োজনীয় মেজিক সংখ্যা নথকাৰ পাছতো বিজেপি মিত্ৰজোঁট দৃঢ়তাৰে জয়ী হ’ম বুলি দাবী কৰি আহিছিল।শাসক পক্ষই কৈ অহাৰ দৰেই হ’ল ফলাফল।

Your Comments