গাড্ডাৰ নাম্বাৰ ONE চিনাক্ত হ’ল, সম্পূৰ্ণ ফলাফলৰ পাছত আমি সিদ্ধান্ত ল’ম- অখিল গগৈ

A

নিউজ ডেস্ক:
বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুন বৰাক ভোট নিদিয়া কংগ্ৰেছ বিধায়ক ছিদ্দিক আহমেদক গাড্ডাৰ নাম্বাৰ ONE আখ্যা অখিল গগৈৰ।অসম বিধানসভাত সংবাদ মাধ্যমৰ সন্মুখত গগৈয়ে কয়- গাড্ডাৰ নাম্বাৰ ONE চিনাক্ত হ’ল, বাকী কি হয় AIUDFয়ে জানিব।সম্পূৰ্ন ফলাফল ওলোৱাৰ পাছতেই আমি কি সিদ্ধান্ত গ্ৰহণ কৰিম সেইয়া স্পষ্ট হ’ব।উল্লেখ্য যে ইতিমধ্যে কংগ্ৰেছে দলৰ পৰা নিলম্বন কৰিছে বিধায়ক ছিদ্দিক আহমেদক ।তাৎপৰ্যপূৰ্ণ কথা যে বিধায়ক গৰাকীয়ে ভোট নষ্ট কৰা অভিযোগ উঠিছে ।বেলট পেপাৰত ONE লিখাৰ অভিযোগ আহমেদৰ বিৰুদ্ধে।

Your Comments