
নিউজ ডেস্ক:
সাতবিহুৰ পৰম্পৰাৰ মাজত অনুষ্ঠিত নহয় গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন।১৯ এপ্ৰিলৰ নির্বাচনৰ দিন সলনি নিৰ্বাচন আয়োগৰ।অহা ২২এপ্ৰিলত পৌৰ নিগমৰ নির্বাচন অনুষ্ঠিত হ’ব গুৱাহাটীত।২৪এপ্ৰিলত ভোটগণনা আৰু ফলাফল ঘোষণা হ’ব।গুৰুত্বপূৰ্ণ কথা যে পূর্বতে ২১এপ্ৰিলত ভোটগণনা অনুষ্ঠিত হোৱাৰ কথা আছিল।কংগ্ৰেছ, অগপকে ধৰি বহুকেইটা ৰাজনৈতিক দলে নিৰ্বাচনৰ দিন সলনি কৰাৰ দাবী জনাইছিল৷ইতিমধ্যে নিৰ্বাচনৰ মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া সামৰণি পৰিছে।শুকুৰবাৰে মনোনয়ন প্ৰাৰ্থীৰ পৰীক্ষণ আৰু প্ৰাৰ্থী তালিকা প্ৰকাশ পাব।
- Log in to post comments
- 8 views