ছিদ্দিক আহমেদক কংগ্ৰেছৰ পৰা নিলম্বন; শশীকান্তৰ ভোট বাতিলৰ দাবীত নিৰ্বাচন আয়োগলৈ কংগ্রেছৰ পত্ৰ

A

নিউজ ডেস্ক:

ৰাজ্যসভাৰ নিৰ্বাচনত ভোটদানৰ খেলি-মেলি।বিধায়ক ছিদ্দিক আহমেদক কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা নিলম্বন।সংবাদমেল যোগে এই কথা ঘোষণা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ৷অভিযোগ মতে ভোট নষ্ট কৰিছে বিধায়ক গৰাকীয়ে।জানি বুজিয়ে বেলট পেপাৰত 'ONE' লিখাৰ গুৰুতৰ অভিযোগ বিধায়ক আহমেদৰ বিৰুদ্ধে।
ইফালে কংগ্রেছৰ নিলম্বিত ৰহাৰ বিধায়ক শশীকান্ত দাসৰ ভোট বাতিলৰ লিখিত আবেদন জনাইছে মুখ্য নিৰ্বাচনী আয়োগে- সংবাদমেলত এই কথা জনায় কংগ্ৰেছে।
সভাপতি বৰাই দাবী কৰা মতে ছিদ্দিক আহমেদৰ বাদে কংগ্ৰেছ দলৰ ২৫বিধায়ক আৰু ৰাইজৰ দল, চিপিআইৰ   দুটা ভোট মিলাই ২৭টা ভোট ভূপেন বৰাই লাভ কৰাটো নিশ্চিত।AIUDFয়ে ১৫টা ভোট দিছে নে নাই পুনৰ সন্দেহ থকা বুলিও কয় বৰাই।

Your Comments