গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত মুঠ ২১২ জন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল; শুকুৰবাৰে মনোনয়ন পৰীক্ষা

A

নিউজ ডেস্ক:


গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্বৰ সামৰণি।মুঠ ২১২জন প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন। বুধবাৰে বিয়লি তিনি বজাত আনুষ্ঠানিক ভাৱে সামৰনি পৰে মনোনয়ন পত্ৰ দাখিল পৰ্ব।উল্লেখ্য যে ১৯এপ্ৰিলত অনুষ্ঠিত হ’ব গুৱাহাটী পৌৰ নিগমৰ মুঠ ৬০টা ৱাৰ্ডৰ বাবে নিৰ্বাচন।২১এপ্ৰিলত অনুষ্ঠিত হ’ব লগা ভোটগণনা তথা ফলাফল ঘোষণা হ’ব।তাৎপৰ্যপূৰ্ণ কথা এই যে , প্ৰথমবাৰলৈ এই নিৰ্বাচন অনুষ্ঠিত হ’ব ইভিএমত।ইফালে মুঠ ৱাৰ্ডৰ ৫০% ৱাৰ্ড মহিলাৰ বাবে সংৰক্ষিত।মহিলাৰ বাবে সংৰক্ষিত ৩০ টা ৱাৰ্ড হৈছে ৩৬,৩০,৪১, ৪, ৩১, ১৪, ৫৮, ২২, ১১, ৫৪, ৫৩, ২৫, ৪৫, ৫৬, ১০, ২৮, ৩৭, ৪২, ৫৭, ১৭, ৩৪, ১৩, ৪৮, ৩৩, ৪০ আৰু ৪৩নং ৱাৰ্ড।
আনহাতে শুকুৰবাৰে প্ৰাৰ্থী মনোনয়ন পত্ৰ পৰীক্ষণৰ অন্তত সেই দিনাখনেই প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব। ইফালে প্ৰাৰ্থী মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ৪ এপ্ৰিল।তাৎপৰ্যপূৰ্ণ কথা এই যে এইবাৰৰ পৌৰনিগম নিৰ্বাচনৰ মুঠ ভোটাৰৰ সংখ্যা৭৯৭৮০৭।ইয়াৰে ৩৯৭১২৮গৰাকী পুৰুষ হোৱাৰ বিপৰীতে ৪০০৬৫৪গৰাকী মহিলা আৰু ২৬জন তৃতীয় লিঙ্গৰ ভোটাৰ।নিৰ্বাচন অনুষ্ঠিত হ’ব মুঠ ৭৮০টা কেন্দ্ৰত।১৯এপ্ৰিলত পুৱা ৭.৩০বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

Your Comments