
নিউজ ডেস্ক:
ৰাজ্যসভাত ভোটদান কৰিবলৈ অকলে আহিল কংগ্রেছ দলৰ নিলম্বিত বিধায়ক ৰহাৰ শশীকান্ত দাস।
“সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীয়ে সকলো জাতি-জনগোষ্ঠীক একত্ৰিত কৰি শক্তিশালী হৈ অসমীয়া জাতিৰ বাবে কাম কৰিছে।তেখেতৰ উন্নয়নমুখী যাত্ৰাত আছিলোঁ, আছোঁ আৰু থাকিম।দলে ইতিমধ্যেই মোক নিলম্বন কৰিছে আনহে নালাগে বিধায়ক পদো খাৰিজৰ আবেদন কৰিছে।তাৰ পাছতো মই চিন্তা চৰ্চা কৰিম”- দাসে সংবাদ মাধ্যমৰ সন্মুখত কয়।নিৰ্বাচনৰ ফলাফল ওলালে চাব, কেমেৰাৰ সন্মুখত কৈ থকা বহু ভোট আজি খেলিমেলি হ’ব বুলিও লগতে তেওঁ কয়।
- Log in to post comments
- 17 views