
নিউজ ডেস্ক:
ৰাজ্যসভাৰ নিৰ্বাচনত দূর্গাদাস বড়োৰ ভোটক লৈ বিতৰ্ক।বড়োক নাকচৰ দাবী বিৰোধীৰ।শিৱসাগৰ বিধায়ক অখিল গগৈয়ে বড়োৰ ভোট নাকচৰ দাবী।
ইফালে ভোটদান কৰিবলৈ আহি বিধায়ক অখিলে কয়- আজি দিনটোত আমাৰ সংখ্যা আছে।তাৰ পাছতো যদি বিজেপি প্ৰাৰ্থী জয়ী হয় তেতিয়া বুজিবলৈ বাকী নহব যে বিজেপি অন্যায় যুদ্ধ কৰা দল।মানুহ কিনি, মূল্যবোধৰ ৰাজনীতিত বিশ্বাস নকৰে।ঐক্যবদ্ধ ভাৱে বিৰোধীয়ে ভোট দিব বুলি আশা প্ৰকাশ কৰি তেওঁ আৰু কয়-যদি কোনোবাই গাড্ডাৰ কৰে তেন্তে ধৰা পৰিব।গাড্ডাৰ কৰা ৰাজনৈতিক নেতাৰ ভৱিষ্যত কি হৈছে আগত ভোট দিয়া সকলক চাই ললেই হ’ল।
আনহাতে বিজেপি মন্ত্ৰী পিযুষ হাজৰিকাই দুইয়োখন আসন জয়ী হ’ব বুলি কৰা মন্তৱ্যক কটাক্ষ কৰি গগৈয়ে কয় বিজেপিয়ে সংখ্যা নথকাৰ পাছতো যদি জয়ী হ’ম বুলি কয় তেন্তে তেওঁলোক প্ৰৱঞ্চক হ’ব।দুই নম্বৰী মানুহ কিনিছে তেওঁলোকে।
- Log in to post comments
- 12 views