ৰাজ্যসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ; ৰিপুন নে ৰনগৌৰাই মাৰিব শেষ হাঁহি!

A

নিউজ ডেস্ক:

আজি অসমৰ ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচন।বিধানসভাত পুৱা ৯বজাৰ পৰা আৰম্ভ ভোটদান।বিয়লি ৪বজালৈ অনুষ্ঠিত হ’ব ভোটদান।ইফালে ভোটদান শেষ হোৱাৰ পাছতেই সন্ধিয়া ৫বজাৰ পৰা অনুষ্ঠিত হ’ব ভোট গণনা আৰু ৬ বজাত ফলাফল ঘোষণাৰ কথা।উল্লেখ্য যে ইতিমধ্যে প্ৰথমখন আসনত বিজেপিৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটাৰ জয় নিশ্চিত।আনহাতে দ্বিতীয়খন আসনত জয়ৰ নিশ্চিত সংখ্যা বিৰোধী উমৈহতীয়া প্ৰাৰ্থীৰ হাতত আছে যদিও এই পৰ্যন্ত বিৰোধী প্ৰাৰ্থী ৰিপুন বৰা জয়ী হ’ব পাৰিব  নে নাই প্ৰশ্নৰ অৱকাশ আছে।ইফালে দ্বিতীয় আসনৰ মেজিক নাম্বাৰ নিজৰ হাতত নথকাৰ স্বত্বেও  জয়ী হ’ব বুলি প্ৰৱল আত্মবিশ্বাসী বিজেপি মিত্ৰজোঁট ইউপিপিএলৰ প্ৰাৰ্থী ৰনগৌৰা নাৰ্জাৰী।তেওঁৰ দাবী দুই কংগ্ৰেছ শিবিৰৰ ভোট লাভ কৰি জয়ী হ’ব।পৰীক্ষাৰ প্ৰস্তুতি ভাল হৈছে ফলাফল নিশ্চিতভাবে ভালে হ’ব বুলিও ভোটসাব্যস্ত কৰিবলৈ যোৱা সময়ত তাৎপৰ্যপূৰ্ণ মন্তৱ্য কৰে নাৰ্জাৰীয়ে।
উল্লেখ্য যে বিৰোধী উমৈহতীয়া প্ৰাৰ্থী কংগ্ৰেছৰ ৰিপুন বৰায়েই প্ৰৱল আত্মবিশ্বাসী হৈ আছে প্ৰয়োজনীয় ৪৩ ভোট লাভ কৰিব।কংগ্ৰেছ, ৰাইজৰ দল আৰু চিপিআই ২৮টা ভোট আৰু এআইইউডিএফৰ ১৫টা ভোট লাভ কৰি জয়ী হ’ব।কিন্তু এদিন পূৰ্বে এআইইউডিএফ দলে বিশ্বাসঘাটকতা কৰাৰ অভিযোগ আনিছিল কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।দুইয়ো দলৰ মাজত কিছু মত বিৰোধ হোৱাও পৰিলক্ষিত হৈছিল।তেনে স্থলত দ্বিতীয়খন আসনত বিৰোধী প্ৰাৰ্থী গৰাকী জয়ী হ’ব নে  নাই তাত কিছু সন্দেহ আছে।

Your Comments