
নিউজ ডেস্ক:
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ২৬টাকৈ ৱাৰ্ডত প্ৰাৰ্থী প্ৰক্ষেপ অসম জাতীয় পৰিষদৰ।বুধবাৰে ১৯ টা ৱাৰ্ডৰ আৰু মঙলবাৰে ৭টা ৱাৰ্ডৰ প্ৰাৰ্থীসকলে নিৰ্বাচনৰ নিজৰ মনোনয়ন দাখিল কৰে।কামৰূপ(ম) জিলা উপায়ুক্তৰ কাৰ্যালয়ত দলটোৰ সৰ্বমুঠ ২৬গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন।উল্লেখ্য যে এজেপিয়ে প্রথমবাৰৰ বাবে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিছে।প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া অধিক সতৰ্কতাৰে সম্পন্ন কৰা হৈছে।প্ৰতিটো ৱাৰ্ডতে স্থায়ী প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰা বুলি এক সংবাদ বিবৃত্তিত উল্লেখ কৰে দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা কামৰূপ(ম) জিলা তত্ত্বাৱধায়ক ৰাজীৱ ভট্টাচাৰ্য্যই।
মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকল হৈছে গাড়ীগাঁৱৰ ১নং ৱাৰ্ডৰ হুকুম চান আলি বক্সি, গোটানগৰ ২নং ৱাৰ্ডৰ ময়ুৰী শইকীয়া বৰ্মন, শান্তিপুৰ ১৩নং ৱাৰ্ডৰ চন্দনা বৈশ্য, আঠগাওঁ কুমাৰপাৰা ১৫নং ৱাৰ্ডৰ জোনালী বেগম, ১৬নং ৱাৰ্ডৰ টকৌবাৰী-জেলৰোডৰ ৰীনা মেধি, পানবজাৰ-লাখ টকীয়া ১৭নং ৱাৰ্ডৰ ফাৰজানা খাতুন, সোনাইঘুলি- ওদালবাক্ৰা ২৫নং ৱাৰ্ডৰ হেপীমণি গগৈ, ৰিহাবাৰী ৩০নং ৱাৰ্ডৰ নয়না দাস, চলাপাৰা ৩১নং ৱাৰ্ড কবিতা কলিতা, উজানবজাৰ ৩২নং ৱাৰ্ড অবিনাশ হাজৰিকা, খাৰঘুলি ৩৪নং ৱাৰ্ডৰ ৰুবি চৌধুৰী, চানমাৰী কলনী ৩৫ নং ৱাৰ্ডৰ দিলীপ বড়ো, দক্ষিণ শৰণীয়া ৩৬নং ৱাৰ্ডৰ মালবিকা পাঠক, অম্বিকাগিৰী নগৰ ৩৭নং ৱাৰ্ডৰ অনিতা হালৈ, দক্ষিণগাওঁ-জটিয়া ৪১নং ৱাৰ্ডৰ পিংকি বৰপূজাৰী, হাটীগাঁও-নৰ্তবমা ৪২নং ৱাৰ্ডৰ চেহনাজ চুলতানা, কইনাধৰা ৪৫নং ৱাৰ্ড মুনমুন মজুমদাৰ, বেলতলা ৪৭নং ৱাৰ্ডৰ মনোজ বসুমতাৰী, জাপৰিগোগ ৫০নং ৱাৰ্ডৰ আজিজুৰ ৰহমান, নিউ গুৱাহাটী ৫৩নং ৱাৰ্ডৰ ঋত্বিকা পুদ্দাৰ, জ্যোতিনগৰ-নুনমাটি ৫৫নং ৱাৰ্ডৰ মিন্টু ৰাজবংশী, জ্যোতিনগৰ-ভৱানীপূৰ ৫৬নং ৱাৰ্ডৰ অম্বিকা ডেকা, শালবাৰী ৫৭নং ৱাৰ্ড পল্লৱী বৰা হাজৰিকা, সাতগাঁও ৫৮নং ৱাৰ্ডৰ পল্লৱী দাস, ছয়মাইল-দ্বাৰান্দা ৫৯নং ৱাৰ্ডৰ ৰাজীৱ আলি আৰু পাঞ্জাবাৰী ৬০নং ৱাৰ্ডৰ জিন্টু ডেকা।
তাৎপৰ্যপূৰ্ণ কথা এই যে ,১৯এপ্ৰিলত গুৱাহাটী পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন।
- Log in to post comments
- 9 views