আপৰ তৃতীয় প্ৰাৰ্থীৰ তালিকা ঘোষণা; গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ৩৭টা ৱাৰ্ডত আপৰ প্ৰাৰ্থী

A

 

B

নিউজ ডেস্ক:

গুৱাহাটীৰ পৌৰ নিগমৰ নিৰ্বাচনৰ তৃতীয় প্ৰাৰ্থী তালিকা ঘোষণা আম আদমী পাৰ্টীৰ।মঙলবাৰে দলটোৱে ঘোষণা কৰে ১২ জনীয়া তৃতীয়খন তালিকা।উল্লেখ্য যে প্ৰথম আৰু দ্বিতীয় তালিকাত সৰ্বমুঠ ২৫টা ৱাৰ্ডৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল দলটোৱে।প্ৰথমবাৰলৈ গুৱাহাটী পৌৰ নিৰ্বাচনত অৱৰ্তীন হ’ব লগা আপে বর্তমানলৈ মুঠ ৩৭টা ৱাৰ্ডৰ বাবে ঘোষণা কৰিছে প্ৰাৰ্থীৰ নাম।গণেশগুৰি দলৰ ৰাজ্যিক কাৰ্যালয়ত ঘোষণা কৰা মতে- ৩নং ৱাৰ্ডত অয়নজ্যোতি দাস, ১৪নং ৱাৰ্ডত স্বপ্না দাস, ১৪নং ৱাৰ্ডত  ৰাম এ পৰিহাৰ, ১৭নং ৱাৰ্ডত কল্লোলিতা নাথ, ১৯নং ৱাৰ্ডত প্ৰতিমা বিশ্বাস বৰ্মন, ৩৯নং ৱাৰ্ডত মহিদুল ইছলাম, ৪২নং ৱাৰ্ডত মাছুমা বেগম, ৪৩নং ৱাৰ্ডত চয়েদা তনুজা ৰহমান,৪৪নং ৱাৰ্ডত কাৰ্তিক কলিতা, ৪৫নং ৱাৰ্ডত সৰোজিনী ডেকা, ৪৬নং ৱাৰ্ডত অসীম কুমাৰ শৰ্মা আৰু ৪৯নং ৱাৰ্ডত ডাঃ অৰ্পিতা চক্ৰৱৰ্তী।
তাৎপৰ্যপূৰ্ণ কথা এই যে সদ্য ঘোষিত ৰাজ্যৰ পৌৰ সভা নিৰ্বাচনত দুটা ৱাৰ্ড দখল কৰি ৰাজ্যৰ ৰাজনীতিত জয় ধাৰা আৰম্ভ কৰিছে আপে।ইফালে অহা ১৯ এপ্ৰিলত গুৱাহাটী পৌৰ নিগমৰ মুঠ ৬০টা ৱাৰ্ডৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।৩০ মার্চ অৰ্থাৎ বুধবাৰে প্ৰাৰ্থীৰ মনোনয়ন দাখিলৰ অন্তিম দিন।

Your Comments