
নিউজ ডেস্ক:
গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা ঘোষণা আম আদমী পাৰ্টীৰ।সৰ্বমুঠ ২৫টাকৈ ৱাৰ্ডত এই পৰ্যন্ত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে দলটোৱে।উল্লেখ্য যে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত প্ৰথমবাৰ অৱৰ্তীন হৈছে আপে।সোমবাৰে দলটোৱে প্রকাশ কৰা দ্বিতীয়খন তালিকাত ১৫টা ৱাৰ্ডৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে।গুৱাহাটী ৰাজ্যিক কাৰ্যালয়ত সংবাদমেল পাতি ঘোষণা কৰা দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা মতে ৫নং ৱাৰ্ডত ৰাজেশ মেধি, ১০নং ৱাৰ্ডত ভৱিতা দাস, ২৪নং ৱাৰ্ডত বেদান্ত ৰাভা, ২৫নং ৱাৰ্ডত কৃষ্ণ সিংহ, ২৮নং ৱাৰ্ডত মায়া সিংহ, ৩০নং ৱাৰ্ডত গীতা ছেত্ৰী, ৩৬নং ৱাৰ্ডত কল্পনা ভট্টাচাৰ্য্য, ৪০নং ৱাৰ্ডত পলাক্ষী দাস, ৪১নং ৱাৰ্ডত নাৰ্জীনা বেগম, ৪৮নং ৱাৰ্ডত চুৰেহা বেগম, ৫০নং ৱাদত প্ৰবীণ চন্দ্ৰ শৰ্মা, ৫৫নং ৱাৰ্ডত ৰাজীৱ পাছোৱান, ৫৬নং ৱাৰ্ডত জয়শ্ৰী তিৱাৰী, ৫৭নং ৱাৰ্ডত মীৰা বেগম, ৫৮নং আৰ্জিনা বেগম।তাৎপৰ্যপুৰ্ণ কথা এই যে , এদিন পূৰ্বে প্ৰথম প্ৰাৰ্থীৰ তালিকা দলটোৱে প্রকাশ কৰিছিল।প্ৰথম প্ৰাৰ্থীৰ তালিকাত ১০ৱাৰ্ডৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল।গুৰুত্বপূৰ্ণ কথা যে গুৱাহাটী পৌৰ নিগমৰ মুঠ ৬০টাকৈ ৱাৰ্ডৰ বাবে অনুষ্ঠিত হ’ব ১৯এপ্ৰিলত নিৰ্বাচন।ইতিমধ্যে অসমৰ পৌৰ সভাৰ নিৰ্বাচনত দুটা ৱাৰ্ড দখল কৰিছে আপে।
- Log in to post comments
- 18 views