
নিউজ ডেস্ক:
ৰাজ্যসভা নিৰ্বাচনৰ বিৰোধী উমৈহতীয়া প্ৰাৰ্থী কংগ্ৰেছৰ ৰিপুন বৰাৰ মনোনয়ন পত্ৰ দাখিল।অসমৰ ২খন আসনৰ বাবে ৩১মার্চত অনুষ্ঠিত হ’ব নিৰ্বাচন।সোমবাৰে কংগ্ৰেছী ৰিপুন বৰাৰ মনোনয়ন দাখিলৰ সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদ, ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ, চি পি আই বিধায়ক মনোৰঞ্জন তালুকদাৰ প্ৰমুখ্যে বহুসংখ্যক বিধায়ক উপস্থিত থাকে।
আনহাতে ৰাজ্যসভা নিৰ্বাচনক লৈ ইতিমধ্যে শাসকীয় বিজেপি দলে বিধায়ক কিনা-বেচা আৰম্ভ কৰা বুলি কয় কংগ্ৰেছ আৰু বিৰোধীয়ে।ইতিমধ্যে কংগ্ৰেছৰ নিলম্বিত বিধায়ক ৰহাৰ শশীকান্ত দাসৰ বাসগৃহত দেওবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয়।মুখ্যমন্ত্ৰী শৰ্মাই সংবাদ মাধ্যমৰ সন্মুখত শশীকান্তই বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থীক ভোট দিব বুলি ঘোষণা কৰাৰ পাছতেই কংগ্ৰেছৰ ভিতৰচৰাত জোকাৰণি সৃষ্টি হৈছে।ইফালে কংগ্ৰেছৰ অন্য এগৰাকী নিলম্বিত বিধায়ক বাঘবৰ সমষ্টিৰ শ্বেৰমান আলি আহমেদে কংগ্ৰেছৰ প্ৰাৰ্থী ৰিপুন বৰাকে ভোটদান কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে।
- Log in to post comments
- 18 views