
নিউজ ডেস্ক:
অসমত ৰাজ্যসভাৰ নিৰ্বাচনকলৈ আৰম্ভ হৈছে বিধায়ক কিনা-বেচাৰ ৰাজনীতি।ৰহা কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসে কংগ্ৰেছ প্ৰাৰ্থী ৰিপুন বৰাৰ সাংসদ জয়ত হেঙাৰ হৈ থিয় দিছে।বিজেপি মিত্ৰজোঁট ইউপিপিএলৰ প্ৰাৰ্থীক বিধায়ক দাসে ভোট দিম বুলি দেওবাৰে মুকলি কৈ ঘোষণা কৰিছে।উল্লেখ্য যে দেওবাৰে বিধায়ক দাসৰ ঘৰত উপস্থিত হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ পূৰ্বলৈ ৰহা বিধায়ক দাসে কংগ্রেছ দলৰ নীতি-আদৰ্শ মতে চলিব বুলি সাংবাদিকৰ সন্মুখত প্রকাশ কৰিছিল।কিন্তু মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ পিছতেই সুৰ সলাইছে দাসে।তেওঁ কয় 'কংগ্ৰেছ দলে মোক নিলম্বিত কৰিছে।বিধায়নী দলৰ বৈঠকলৈও মোক খবৰ দিয়া নাই।বিজেপি সমৰ্থিত প্ৰাৰ্থীকে ভোট দিম"।
আনহাতে দাসক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী শৰ্মাইও কয় যে শশীকান্ত দাসে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীকে ভোট দিব ।ইতিমধ্যে তেওঁ নিশ্চিত কৰিছে।
তাৎপৰ্যপূৰ্ণ কথা এই যে ৰাজ্যসভাৰ দ্বিতীয়খন আসনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী হবলৈ বিৰোধীৰ এটা ভোটৰ প্ৰয়োজন।তেনে ক্ষেত্ৰত ৰহা বিধায়কে কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ভোট প্ৰদান নকৰিলে তেন্তে দুয়োখন আসনত বিজেপি মিত্ৰজোঁটৰ দখললৈ যোৱাটো প্ৰায় চূড়ান্ত।উল্লেখ্য যে ৩১মার্চত অনুষ্ঠিত হ’ব অসমৰ ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচন।
- Log in to post comments
- 13 views