
নিউজ ডেস্ক:
সদ্য ঘোষিত বিধানসভাৰ নিৰ্বাচনত আম আদমী পাৰ্টীৰ দখললৈ গ’ল পাঞ্জাৱ।দলৰ শোচনীয় পৰাজয়ৰ পিছতেই পাঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদত্যাগ।সভাপতি নৱজ্যোৎ সিং সিদ্ধুৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে দলৰ সৰ্বভাৰতীয় নেতৃত্বলৈ।পদত্যাগ পত্ৰত পোনপটীয়াকৈ সভাপতিৰ পদ ত্যাগ কৰাৰ কথা উল্লেখ কৰিছে নেতা গৰাকীয়ে।উল্লেখ্য যে কংগ্ৰেছৰ দখলত থকা পাঞ্জাৱ বিধানসভা শেহতীয়াভাৱে আপ'ৰ দখললৈ গৈছে।গুৰুত্বপূৰ্ণ কথা যে কংগ্ৰেছৰ সভাপতি সিদ্ধুৰ উপৰিও বহুকেইগৰাকী জ্যেষ্ঠ কংগ্রেছী নেতা আপৰ প্ৰাৰ্থীৰ হাতত শোচনীয় ভাৱে পৰাজিত হৈছে।
- Log in to post comments
- 15 views