
নিউজ ডেস্ক:
এনকাউন্টাৰ ঘটনাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে তৃতীয় স্থান লাভ কৰা অসম আৰক্ষীয়ে পুনৰ মৰিগাঁৱত অপৰাধীৰ ওপৰত নিশা সংঘটিত কৰিছে এনকাউন্টাৰৰ ঘটনা।ড্ৰাগছবিৰোধী অভিযানত নহয় এইবাৰ এনকাউন্টাৰ ঘটনা সংঘটিত কৰিছে কুখ্যাত বাইক চোৰৰ ওপৰত। উল্লেখ্য যে মৰিগাঁৱত একাংশ বাইক চোৰে আৰক্ষীৰ টোপনি হৰণ কৰি থকাৰ সময়তে কালি মৰিগাঁও জিলা লাহৰীঘাট থানাৰ অন্তৰ্গত কুশতলিত কুখ্যাত বাইক চোৰ ত্ৰৈলোক্য বৰদলৈ ওৰফে লব সিং আৰক্ষীৰ জালত পৰে।জিলা খনৰ জাগীৰোড,মৰিগাঁও চহৰকে আদি কৰি বিভিন্ন স্থানত বাইক চুৰি কৰি সন্ত্ৰাসময় পৰিস্থিতিৰ সৃষ্টি কৰা জাগীৰোড ন-খোলাৰ ত্ৰৈলোক্য বৰদলৈক আৰক্ষীয়ে নিশা গ্ৰেপ্তাৰ কৰি লাহৰীঘাট থানাত উপস্থিত কৰায়। পিছত আৰক্ষীয়ে বাইক চোৰ জনক মৰিগাঁৱলৈ আনি থকা অৱস্থাত বগলীপাৰাত প্ৰস্ৰাৱ কৰা লগা বুলি আৰক্ষীক অনুৰোধ কৰাত আৰক্ষীয়ে গাড়ী ৰখাই দিয়ে। প্ৰস্ৰাৱ কৰিবলৈ আৰক্ষীয়ে গাড়ী ৰখাই দিয়া পিছতেই আৰক্ষীৰ জিম্নাৰ পৰা বাইক চোৰ ত্ৰৈলোক্য বৰদলৈ পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হয়। সোঁ ভৰিত গুলীবিদ্ধ হোৱা বাইক চোৰ জনক ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিব লগাত পৰে। উল্লেখ্য যে কুখ্যাত বাইক চোৰ ত্ৰৈলোক্য বৰদলৈ লব সিং নামেৰে জনপ্ৰিয়। জাগীৰোড,মৰিগাঁৱতে নহয় কুখ্যাত বাইক চোৰ ত্ৰৈলোক্য বৰদলৈয়ে লব সিং নাম লৈ অসমৰ বাহিৰতো বাইক চুৰি কাৰ্যত লিপ্ত থকাৰ বুলি জানিব পৰা গৈছে। তাৎপৰ্য্য পূৰ্ণ বিষয় এই যে বিগত জানুৱাৰী মাহৰ পৰা বৰ্তমানলৈকে মৰিগাঁও চহৰতে ১০ খনতকৈ অধিক দামী বাইক চোৰ হৈছে। আৰক্ষীৰ জালত পৰা বাইক চোৰ জনৰ পৰা এই সন্দৰ্ভত আৰক্ষীয়ে তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰিছে একাংশ ভুক্তভোগীয়ে ৷
- Log in to post comments
- 8 views