গুৱাহাটীৰ গাড়ীগাঁৱত কিশোৰী দলবদ্ধ ধৰ্ষণৰ শেহতীয়া খবৰ পঢ়ক

A

নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীৰ গাড়ীগাঁৱৰ জঘন্য দলবদ্ধ ধৰ্ষণৰ ঘটনাৰে জড়িত পাঁচ অভিযুক্তক গ্ৰেপ্তাৰ কৰাত চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে স্মাৰ্ট মহানগৰ আৰক্ষী।এজাহাৰ দিয়াৰ পাঁচদিন উকলি যোৱাৰ পাছতো অভিযুক্তৰ শুংসূত্ৰ পোৱা  নাই হৰমিত সিং নেতৃত্বাধীন গুৱাহাটী আৰক্ষীয়ে।আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও অভিযুক্ত আত্মগোপন কৰি থকা কোনোধৰণৰ ক্লুৱেই লাভ কৰা নাই।উল্লেখ্য যে পাঁচ অভিযুক্তৰ পৰিয়ালৰ ব্যক্তিক পানবজাৰ মহিলা থানাত আজি সোধ-পোচ অব্যাহত ৰাখিছে যদিও তথ্য লাভ কৰা নাই আৰক্ষীয়ে।
ইফালে বিশেষ সূত্ৰৰ খবৰ অনুসৰি ১৬বছৰীয়া কিশোৰী গৰাকীৰ সৈতে অভিযুক্ত বিকি আলি(২২)ৰ প্ৰেমৰ সম্পৰ্ক থকাৰ কথা পোহৰলৈ আহিছে।১৬ ফেব্ৰুৱাৰীত অভিযুক্ত বিকি আলিয়ে কিশোৰী গৰাকীক ঘৰলৈ নিছিল।ঘৰতে কিশোৰী গৰাকীক ধৰ্ষণ কৰি মোবাইল ফোনত আবদ্ধ কৰিছিল ভিডিঅ’।মোবাইলত আবদ্ধ ভিডিঅ’ ভাইৰেল কৰি দিয়াৰ ভয় দেখুৱাই ১৯ফেব্ৰুৱাৰীত আদাবাৰীস্থিত ব্ৰহ্মপুত্ৰ গেষ্টহাউচলৈ মাতি নিছিল দুৰ্ভগীয়া কিশোৰী  গৰাকীক।গেষ্ট হাউচৰ ১০৫নম্বৰ কোঠাত চাৰি বন্ধুৱে মিলি দলবদ্ধ ভাৱে ধৰ্ষণ কৰিছিল।আনহাতে ব্ৰহ্মপুত্ৰ গেষ্ট হাউচ কৰ্তৃপক্ষই অৱগত কৰা মতে বিকি আলীয়ে OYO জৰিয়তে ১০৫নম্বৰ কোঠা বুক কৰিছিল।ইফালে সমগ্র ঘটনা পোহৰলৈ অহাৰ পাছত ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত মহানগৰ আৰক্ষীয়ে বিভিন্ন চিচিটিভি ফুটেজ পৰীক্ষা কৰিছে।
উল্লেখ্য যে , বিশেষ সূত্ৰৰ খবৰ মতে কিশোৰী গৰাকীয়ে ৭মাৰ্চৰ দিনা পৰিয়ালক সমগ্র ঘটনা অৱগত কৰে।তাৰ ভিত্তিত   ৮মাৰ্চত পাণবজাৰ মহিলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

Your Comments